গুৱাহাটী, ৫ নৱেম্বৰঃ ক'ভিড মহামাৰীৰ আশংকা বৃদ্ধি হোৱাৰ লগতে পুনৰ বিশ্ববাসীৰ বাবে এক চিন্তানীয় বিষয় হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে ৫৩ খন দেশত নতুনকৈ ক'ৰনাৰ ঢৌ আহিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক কাৰ্যালয়ৰ মুৰব্বী ড০ হান্স ক্লেজে বৃহস্পতিবাৰে কয় যে, "কিছুমান দেশত ক'ভিড আক্রান্তৰ সংখ্যা পুনৰ প্ৰায় অভিলেখ স্তৰলৈ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে আৰু এই সংক্ৰমণৰ গতি অক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। এনে পৰিস্থিতিত, ক'ৰনাৰ এক নতুন ঢৌ অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই উদ্বেগ প্ৰকাশ কৰি কৈছে যে, "যদি এনে পৰিস্থিতি অব্যাহত থাকে, তেন্তে ফেব্ৰুৱাৰী মাহৰ ভিতৰত মহামাৰীৰ ফলত আৰু পাঁচ নিযুত লোকৰ মৃত্যু হ'ব পাৰে। তেওঁ লগকে কৈছিল যে, "ইউৰোপ আৰু মধ্য এছিয়াৰ ৫৩ খন দেশত ক'ৰনা ভাইৰাছৰ তৃতীয় ঢৌ অহাৰ আশংকা তীব্ৰতৰ হৈ উঠিছে। বৰ্তমান ৫৩ খন দেশৰ এক বৃহৎ এলেকাত সাপ্তাহিক সংক্ৰমিত ৰোগীৰ সংখ্যা প্ৰায় ১.৮ নিযুত হৈছে, যি যোৱা সপ্তাহৰ তুলনাত ৬ শতাংশ অধিক।
Comments