গুৱাহাটী, ৫ নৱেম্বৰঃ সমগ্ৰ দেশবাসীয়ে পোহৰৰ উংসৱ দীপাৱলী আনন্দৰে উৎযাপন কৰি আছে। ক'ৰনাৰ দ্বিতীয় ঢৌ অহাৰ পিছৰে পৰা, সমগ্ৰ দেশৰ মানুহে দীৰ্ঘদিনৰ পিছত এনে এক সুখৰ পৰিৱেশ লাভ কৰিবলৈ সুযোগ পাইছে। এইবাৰ দীপাৱলী উৎসৱক লৈ মানুহৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছিল। কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্র বিশ্বৰ মানুহে দেৱালী উৎসৱটি অতি আনন্দৰে উদযাপন কৰিছে।
ইয়াৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনকো পত্নীসহ দীপাৱলী উৎসৱটি উৎযাপন কৰা দেখা গৈছে। দীপাৱলী উপলক্ষে ৰখা এক অনুষ্ঠানত বক্তব্য ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে এক যুটীয়া বিবৃতিত কয় যে, ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ দেৱালী উৎসৱটো আৰু অধিক অৰ্থপূৰ্ণ হৈ পৰিছে।"
তেওঁলোকে লগতে কয়, "উপ ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলা হোৱাৰ বাবে, হোৱাইট হাউচত দেৱালী উদযাপন কৰাৰ সময়ত একেলগে বন্তি প্ৰজ্বলন কৰি পোহৰ বিলাবলৈ পাই আমি যথেষ্ট সন্মানীত অনুভৱ কৰিছো। এই আলোকসন্ধ্যা আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আৰু সমগ্ৰ বিশ্বৰ এশ কোটিতকৈও অধিক হিন্দু, জৈন, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে এই উৎসৱটো উদযাপন কৰিছে।"
Comments