Classifieds
View All
গুৱাহাটী, ৫ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুক্ৰবাৰে কেদাৰধামত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কেদাৰধামত প্ৰায় ৩ ঘণ্টা সময় অতিবাহিত কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথ ধামত প্ৰথম পৰ্যায়ত কৰা কাম উৎসৰ্গা কৰিব। মোদীয়ে প্ৰায় ১২০ কোটি টকা ব্যয়েৰে দ্বিতীয় পৰ্যায়ত কৰিবলগা কামৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰী মোডীয়ে কেদাৰনাথ ধামত এখন ৰাজহুৱা সভাও সম্বোধন কৰিব। মোদীয়ে কেদাৰনাথ ধামত ৪০০ কোটি টকাৰ অধিক মূল্যৰ আঁচনি ঘোষণা কৰিব।
মোদীয়ে আদি শংকৰাচাৰ্যৰ সমাধি আৰু কেদাৰনাথত তেওঁৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে কেদাৰনাথত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।
Comments