গুৱাহাটী, ৯ নৱেম্বৰঃ মঙলবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰা এই সন্মানীয় বঁটা প্ৰয়াত তৰুণ গগৈৰ পত্নী ডলী গগৈয়ে গ্রহণ কৰে।
অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈক তেওঁৰ "ৰাজহুৱা বিষয়ৰ ক্ষেত্ৰত ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ" বাবে পদ্মভূষণ বঁটাৰ বাবে মনোনীত কৰা হৈছিল।
ইপিনে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গৌৰৱ আৰু আনন্দৰ মুহূৰ্তত প্ৰাক্তন তৰুণ গগৈৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনায়। তেওঁ এই সন্দৰ্ভত টুইটাৰযোগে কয় যে, "সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা স্বৰ্গীয় তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰাটো অতি সৌভাগ্যৰ কথা।"
"ভাৰতীয় ৰাজনীতিৰ এজন মহান আদৰ্শ আৰু এজন গণ নেতাৰ প্ৰতি মোৰ একান্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। মই এই আনন্দৰ মুহূৰ্তত পৰিয়ালৰ সৈতে সুখৰ মূহুর্ত উদযাপন কৰিছো।"
Comments