গুৱাহাটী, ৯ নৱেম্বৰঃ পাকিস্তানত হিন্দুসকলৰ বিৰুদ্ধে বৈষম্যৰ আন এটা ঘটনা পোহৰলৈ আহিছে। য'ত ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই (চিডিএ) ইছলামাবাদত এটা মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আৱণ্টন দিবলৈ অস্বীকাৰ কৰাৰ খবৰ পোৱা গৈছে। অসামৰিক সংস্থাৰ অধিবক্তা জাভেদ ইকবালে সোমবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ক কৈছিল যে, "ৰাজধানীৰ সেউজ বেল্টত নতুন ভৱন নিৰ্মাণত কেবিনেটে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ভূমি আৱণ্টন বাতিল কৰা হৈছিল।"
চি.ডি.এয়ে পূর্বে সংখ্যালঘু সম্প্ৰদায়ৰ সুবিধাৰ বাবে চেক্টৰ এইচ-৯/২ ত মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আৱণ্টন দিছিল। প্ৰতিবেদনত কোৱা হৈছে যে ঠাইখনত এটা মন্দিৰ, সামূহিক কেন্দ্ৰ আৰু এখন শ্মশান নিৰ্মাণ কৰা হ'ব। যোৱা বছৰ জুলাইত শুনানিৰ সময়ত, চিডিএৰ নগৰ পৰিকল্পনা সঞ্চালকে বিচাৰমণ্ডলীক কৈছিল যে, "প্লট আৱণ্টনৰ প্ৰক্ৰিয়া ২০১৬ চনত আৰম্ভ হৈছিল।
ইপিনে, মানৱ অধিকাৰ আয়োগৰ (এইচআৰচি) সদস্য কৃষ্ণ শৰ্মাৰ মতে, "২০১৭ চনত ৩.৮৯ কানালৰ এটা এলেকা মন্দিৰৰ বাবে আৱণ্টন কৰা হৈছিল আৰু ২০১৮ চনত হিন্দু পঞ্চায়তক হস্তান্তৰ কৰা হৈছিল।" মানৱ অধিকাৰ আয়োগৰ (এইচআৰচি) সদস্য কৃষ্ণ শৰ্মাৰ মতে, প্ৰায় ৩,০০০ হিন্দু পৰিয়াল ইছলামাবাদ আৰু ইয়াৰ উপকণ্ঠত বাস কৰে। প্ৰতিবেদনত এইটো কোৱা হৈছে যে, "তেওঁলোকৰ উপযুক্ত ঠাইৰ অভাৱ আছে য'ত তেওঁলোকে হোলী আৰু দেৱালীৰ দৰে ধৰ্মীয় অনুষ্ঠান উদযাপন কৰিব পাৰে বা বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়া কৰিব পাৰে।"
Comments