গুৱাহাটী,৯ নৱেম্বৰ: সকলোৱে নিজকে সৌন্দৰ্য্যবান কৰি ৰাখিব বিছাৰে। আজিকালি পুৰুষ মহিলা সকলোৱে নিজৰ সৌন্দৰ্য্যক লৈ যথেষ্ট সচেতন। গ্ৰীষ্মকালত যিদৰে আমি ছাল-চুলিৰ যত্ন লও,ঠিক তেনেদৰে শীত কালতো আমি আমাৰ ছাল-চুলিৰ যত্ন ল’ব লাগে। শীত কাল অহাৰ লগে লগে আমাৰ ছাল শুকান হ’বলৈ আৰম্ভ হয় আৰু ফাটিবলৈ ধৰে।
শীত কালত আমি পানী যথেষ্ঠ পৰিমানে খাব লাগে। কাৰণ পানীয়ে আমাৰ শৰীৰ আৰ্দ্ৰ কৰি ৰাখে। ইয়াৰোপৰি সেউজীয়া শাক-পাচলি, ফল-মূল আদি খোৱাটো দৰকাৰ।
শীতকালত আপোনাৰ ছালখন কোমল কৰি ৰাখিবৰ বাবে নাৰিকল তেলৰ ব্যৱহাৰ কৰক। নাৰিকল তেলে আপোনাৰ ছালখন কোমল কৰাৰ লগতে উজ্জ্বল কৰি ৰাখিব।
শীতকালত মৌ আৰু কণী হৈছে কিছুমান সৰ্বশ্ৰেষ্ঠ উপাদান যাক মানুহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। এইবোৰে ছালক সঠিক আৰ্দ্ৰতা প্ৰদান কৰে আৰু ইয়াৰ অন্তিম ফলাফল হৈছে কোমল আৰু উজ্জ্বল ছাল।
শীতকালত আপোনাৰ ছালক অসাধাৰণভাৱে ধুনীয়া আৰু উজ্জ্বল কৰি তুলিবলৈ দৈ হৈছে উৎকৃষ্ট উপাদান।
যদি আপোনাৰ মুখখন অত্যাধিক শুকান হয় তেন্তে আপুনি কলৰ ফেচ পেক প্ৰয়োগ কৰিব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments