Classifieds
View All
গুৱাহাটী,৮ নৱেম্বৰ: ৰাজ্যৰ চৌদিশে সৰ্বসাধাৰণ ৰাইজক মূল্যবৃৃদ্ধিয়ে জুৰুলা কৰিছে৷ পেট্ৰ'লজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰী লৈকে বাঢ়িছে দাম। মূল্যবৃদ্ধিৰ প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে।
বিৰোধীৰ আসনত বহোতে পিঁয়াজৰ মালা পিন্ধা বিজয়া চক্ৰৱৰ্তীয়ে মূল বিষয়টো এৰাই চলিব খুজিলেও শেষত কয়, ‘ৰাজনীতিত থাকিলে এইবোৰ কৰিব লাগে। আগতে ক'ভিড নাছিল, কিন্তু এতিয়া আছে। সেয়েহে মূল্যবৃদ্ধি হ’লে উপায় নাই।’
বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে লগতে কয় যে, ‘মূল্যবৃদ্ধি হ’লেও কিন্তু ৰাইজে আমাক বেছি বেয়া পোৱা নাই। কাৰণ ৫টা সমষ্টিৰ উপ নিৰ্বাচনত জয়লাভ কৰিছো আমি।’
Comments