গুৱাহাটী, ৮ নৱেম্বৰঃ বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ এই বছৰৰ দীপাৱলী অতি বিশেষ হৈ পৰিছে। কিয়নো তেওঁৰ গোটেই পৰিয়ালবৰ্গ এইবাৰ একত্ৰিত হৈ পোহৰৰ উৎসৱ দীপাৱলী উৎযাপন কৰা দেখা গৈছিল, য'ত অমিতাভ বচ্চনে শ্বেয়াৰ কৰা এখন ফটোত অমিতাভৰ পৰিয়ালৰ প্ৰতিজন সদস্যক একেলগে দেখা পোৱা গৈছিল। বৰ্তমান সামাজিক মাধ্যমত এই ফটোখনে শিৰোনাম দখল কৰিছে, কিয়নো ইয়াত এখন বিশেষ চিত্ৰকলা দেখিবলৈ পোৱা গৈছে।
অমিতাভ বচ্চনে শ্বেয়াৰ কৰা ফটোখনত পৰিয়ালৰ লোকসকলৰ পিছত থকা দেৱালত এখন ডাঙৰ পেইণ্টিং দেখা গৈছিল। চিত্ৰখনত এটা দৈত্য ষাঁড় গৰু দেখা গৈছিল যাৰ সন্মুখৰ এখন ভৰি নেজৰ সৈতে পোনপটীয়াকৈ সংযোজিত হৈ দেখা গৈছে। চিত্ৰখন দেখাত অতিকৈ আশ্চৰ্য্যজনক আছিল আৰু প্ৰতিজন অনুৰাগীয়ে ইয়াক লক্ষ্য কৰিছিল।
অমিতাভ বচ্চনৰ ড্ৰয়িং ৰুমত থকা এই চিত্ৰখনৰ মূল্য প্ৰায় ৪ কোটি টকা। ছবিখন মনজিৎ বাৱা (১৯৪১-২০০৮) নামৰ এজন শিল্পীয়ে সৃষ্টি কৰিছিল। মনজিতৰ জন্ম পঞ্জাৱৰ ধুৰীত হৈছিল। তেওঁ ভাৰতীয় পৌৰাণিক কাহিনী আৰু চুফী দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত চিত্ৰ নিৰ্মাণ কৰিছিল।
Comments