গুৱাহাটী, ৮ নৱেম্বৰঃ ব্ৰিটেইনত এজন মানুহে ১৭০ বাৰ কেম'থেৰাপী লোৱাৰ পিছতো পিতৃ হোৱাৰ সৌভাগ্য হৈছে। ব্ৰিটেইনৰ বাসিন্দা জনাথন জোনছ নামৰ ব্যক্তিগৰাকীয়ে ১৭ বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। জোনছৰ মস্তিষ্কত এটা টিউমাৰ হৈছিল। যেতিয়া তেওঁৰ বয়স বাঢ়ি আহিছিল, তেওঁ ভয় কৰিছিল যে তেওঁ কেতিয়াও পিতৃ হ'ব নোৱাৰিব। কিয়নো তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। যদিও চিকিৎসকসকলে তেওঁক কৈছিল যে, "আতংকিত হোৱাৰ কোনো কাৰণ নাই, তেওঁ জীয়াই থাকিব পাৰিব, কিন্তু তেওঁ দীঘলীয়া সময়ৰ বাবে ঔষধ আৰু কেম'থেৰাপী গ্ৰহণ কৰি থাকিব লাগিব। জনাথনৰ বয়স বৰ্তমান ৩২ বছৰ আৰু তেওঁৰ দেউতাক হোৱাৰ সপোন বৰ্তমান পূৰণ হৈছে।
ব্ৰিটেইনৰ এক বিশেষ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, জনাথনে কৈছিল যে, 'মই ভাবো মোৰ এই জীৱন কাহিনীয়ে বহুটো লোকৰ লগতে মেৰ দৰে কৰ্কট ৰোগত আক্রান্ত লোকসকলক শক্তিশালী আৰু আশাবাদী হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিব। মই বৰ্তমান ভালে আছো আৰু মোৰ পুত্ৰ জেজে আৰু পত্নী ডেনিয়েলৰ সৈতে সাধাৰণ জীৱন যাপন কৰি আছে।" বৰ্তমান, ইণ্টাৰনেট জগতখনত জনাথনৰ কাহিনী পঢ়ি মানুহে ইয়াক ঐশ্বৰিক ঘটনা বুলি অভিহিত কৰিছে।
Comments