গুৱাহাটী, ৮ নৱেম্বৰঃ কেতিয়াবা মহাকাশত গতি কৰা গ্ৰহাণুবোৰে পৃথিৱীলৈ ভাবুকি কঢ়িয়াই আনে। অতীতত এনেকুৱা কিছুমান সময় আহিছিল যেতিয়া এই গ্ৰহাণুবোৰে পৃথিৱীৰ ব্যাপক ক্ষতিসাধন কৰিছিল।
শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই বিশ্ববাসীক সতৰ্ক কৰি দিছে যে, "এটা বিশাল গ্ৰহাণু পৃথিৱীৰ ফালে আগবাঢ়ি আহি আছে। এই গ্ৰহাণুটোৰ আকাৰ ফ্ৰান্সৰ আইফেল টাৱাৰতকৈ ডাঙৰ বুলি অভিহিত কৰিছে। নাছাই টি-৪৬৬০ নেৰিয়াছক 'সম্ভাৱ্য বিপদজনক গ্ৰহাণু' হিচাপে বিবেচনা কৰিছে।
নাছাৰ মতে, ১১ ডিচেম্বৰত কণীৰ আকৃতিৰ দৰে আৰু এখন ফুটবল খেলপথাৰৰ আকাৰতকৈ প্ৰায় তিনিগুণ বৃহৎ আকাৰৰ এই গ্ৰহাণুটো পৃথিৱীৰ ওচৰলৈ আহিব। ই ৩৩ মিটাৰ দীঘল, যাৰ ফলত ইয়াক আন সকলো গ্ৰহাণুতকৈ ৯০ শতাংশ বেছি ডাঙৰ বুলি ধৰা হৈছে।
যেতিয়া এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দিয়াব, তেতিয়া ইয়াৰ ফলাফল ভয়ানক হ'ব পাৰে, কিন্তু আন এটা সকাহজনক কথা হৈছে যে, ই পৃথিৱীৰ পৰা বহু দূৰত্বৰে পাৰ হৈ যাব পাৰে। পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ পিছত, এনে গ্ৰহাণু কমেও ১০ বছৰৰ বাবে উভতি নাহে। এই নেৰিয়াছে পৃথিৱীৰ বাবে ভাবুকি সৃষ্টি কৰাৰ আশংকা অতি কম, কিয়নো ই ৩.৯ নিযুত কিলোমিটাৰ দূৰত্বৰ পৰা আহিব, যি পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বতকৈ ১০ গুণ অধিক। নাছাৰ মতে, এই গ্ৰহাণুটোৱে প্ৰতি ৬৬৪ দিনৰ মূৰত সূৰ্যক প্ৰদক্ষিণ কৰে। ই বহু দূৰৰ পৰা পৃথিৱীৰ কাষেৰে পাৰ হ'ব আৰু ২ মাৰ্চ, ২০৩১ লৈকে পুনৰ গ্ৰহটোৰ ওচৰলৈ নাহে বুলি ভৱিষ্যতবাণী কৰা হৈছে।
নাছাৰ প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে, "নেৰিয়াছ হৈছে ১৯৮২ চনত আৱিষ্কৃত এপ'লো গ্ৰুপৰ এটা গ্ৰহাণু সদস্য। ই পৃথিৱীৰ ওচৰত সূৰ্যৰ কক্ষপথৰ মাজেৰেও পাৰ হ'ব, যিদৰে আগৰ গ্ৰহাণুবোৰে কৰি আহিছে। এই মুহূৰ্তত ভাল কথাটো হ'ল যে ১১ ডিচেম্বৰলৈকে পৃথিৱীৰ নিচেই ওচৰৰ পৰা পাৰ হৈ যোৱা এই গ্ৰহাণুটোৱে পৃথিৱীৰ বাবে কোনো ভাবুকি সৃষ্টি নকৰে। অন্যান্য এপ'লো শ্ৰেণীৰ গ্ৰহাণুৰ দৰে, নেৰিয়াছৰ কক্ষপথে প্ৰায়ে ইয়াক পৃথিৱীৰ ওচৰত ৰাখে।
Comments