গুৱাহাটী, ১০ নৱেম্বৰঃ এইখন পৃথিৱীত বহুটো ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হোৱা দেখা গৈছে। ঠিক তেনেদৰে, স্পেইনৰ এক আন্দোলনে পুনৰ গতি লাভ কৰিছে। কিয়নো, যদিহে ইয়াত পুৰুষ আৰু মহিলাৰ দৃষ্টিকোণৰ পৰা সাজ-সজ্জা নিৰীক্ষণ কৰা হয়, তেন্তে এই আন্দোলনে অতি সহজে বুজাব যে, পোছাকৰ নিৰ্দিষ্ট কোনো লিংগ নাই।এই আন্দোলন স্পেইনৰ পৰা আৰম্ভ হৈছিল কিন্তু এতিয়া স্কটলেণ্ড আৰু ব্ৰিটেইনটো গতি লাভ কৰিছে।
এই আন্দোলন ২০২০ চনত আৰম্ভ হৈছিল, কিন্তু শেহতীয়াকৈ স্কটলেণ্ডৰ এখন বিদ্যালয়ে শিক্ষাৰ্থীসকলৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। য'ত ছোৱালীৰ লগতে ল'ৰাবোৰকো স্কাৰ্ট পিন্ধি বিদ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনাই লিংগ বৈষম্য দূৰ কৰাৰ বাৰ্তা প্ৰদান কৰিছে।
এডিনবাৰ্গৰ কেচেলভিউ প্ৰাথমিক বিদ্যালয়ে এই নিৰ্দেশনাটো জাৰি কৰিছে। ইয়াৰ লগে লগে বিদ্যালয়খনৰ ল'ৰা, ছোৱালী সকলো শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ স্কাৰ্ট পিন্ধি অহা অভিযানত অংশগ্ৰহণ কৰিছে।
যিটো #ক্লথ হেভ ন' জেণ্ডাৰ (#ClothesHaveNoGender) আন্দোলনৰ অংশ আছিল। এই আন্দোলনে সামাজিক মাধ্যমতো যথেষ্ট সঁহাৰি লাভ কৰিছে।
Comments