Classifieds
View All
গুৱাহাটী,১২ নৱেম্বৰ : চলিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে অষ্ট্ৰেলিয়াই ৷ টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
মহম্মদ ৰিজৱান আৰু ফখৰ জামানৰ অৰ্ধ শতকেৰে চাৰিটা উইকেট হেৰুৱাই ১৭৬ ৰাণ সংগ্ৰহ কৰিছিল পাকিস্তানে ৷ ইনিংছৰ অপেনিং কৰি মহম্মদ ৰিজৱানে ৫২ টা বলত ৬৭ ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, জামানে ৩২ বলত ৫৫ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ উপৰিও বাবৰ আজমে সংগ্ৰহ কৰে ৩৯ ৰাণ৷
অষ্ট্ৰেলিয়াৰ হৈ ডেভিদ ৱাৰ্ণাৰে ৪৯ ৰাণ কৰাৰ লগতে মেথিউ ৱেডে ১৭ বলত অপৰাজিত ৪১ ৰাণ কৰে আৰু মাৰ্কাছ ষ্ট'ইনিছে ৩১ টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ ফলত অষ্ট্ৰেলিয়াই এটা অভাৰ বাকী থকা অৱস্থাতে ১৭৭ ৰাণৰ বিশাল লক্ষ্যত উপনীত হয় ।পাকিস্তানৰ বাবে শ্ৰেষ্ঠ বলাৰ আছিল ছাদাব খান তেওঁ চাৰিটা উইকেট দখল কৰে ৷
Comments