গুৱাহাটী,১২ নৱেম্বৰ:ৰাজ্যত ক্ৰমাৎ যেন বৃদ্ধি পাইছে সাংবাদিকক অপদস্থ, প্ৰহাৰ কৰাৰ অঘোষিত প্ৰতিযোগিতা। সাংবাদিকৰ ওপৰত দালাল, মধ্যভোগী, মাফিয়া, দস্যু, চোৰৰ ভয় ভাবুকি, আক্ৰমণৰ ঘটনা ঘটি থকা সময়তে বৰপেটাত ঘটিল আন এক আক্ৰমণৰ ঘটনা। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি ম'বাইল কাঢ়ি নিয়ে এগৰাকী অভিযন্তাৰ পত্নীয়ে। বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ পত্নীৰ দুৰ্ব্যৱহাৰে সকলোকে অবাক কৰি তুলিছে।
ধন আৰু ক্ষমতাৰ বলত বলীয়ান হৈ কাকো কেৰেপ নকৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ বিৰুদ্ধে আছে তিনি শ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। কালি বিয়লি প্ৰায় ৪ বজাত বৰপেটাৰ সাংবাদিক আজিজুল হকে লগত ব্যক্তিগত কেমেৰা পাৰ্ছন লৈ কাৰ্যালয়ৰ ফলকৰ কিছু দৃশ্যাংশ বাহিৰৰ পৰা সংগ্ৰহ কৰে। তেনে সময়তে কাৰ্যবাহী অভিযন্তাৰ পত্নী গৰাকীয়ে উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰে।
কাৰ্যবাহী অভিযন্তাৰ পত্নীয়ে তেওঁৰ আবাস গৃহৰ পৰা ওলাই আহিয়েই কাক সুধি ভিডিঅ’ কৰিছা, কিয় ভিজুৱেল লৈছা, ভিতৰলৈ সোমাই আহ বুলি কৈ কেমেৰা পাৰ্ছন আদিত আলীক টানিবলৈ চেষ্টা চলায়।তাৰ পিছতে তেওঁ কেমেৰা পাৰ্ছনৰ ম'বাইল ফোনটো কাঢ়িবলৈ অপচেষ্টা চলাই বিফল হৈ কেমেৰা পাৰ্ছনক ঠেলি দি সাংবাদিক আজিজুল হকৰ চাৰ্টৰ ওপৰৰ জেপত থকা মোবাইলটো অকস্মাতে কাঢ়ি নিয়ে। বাইকখনো বগৰাই দি ভাঙিবলৈ উদ্যত হয়। এই ঘটনাত হতবাক হৈ পৰে সাংবাদিক গৰাকী।
অভিযন্তা বিজিত দত্তই বৰপেটা আৰক্ষীক খবৰ কৰাত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হয় আৰু হস্তক্ষেপ কৰাত কোনোমতে প্ৰাণ ৰক্ষা পৰে সাংবাদিক আজিজুল হকৰ লগতে সহকৰ্মী আদিতৰ। এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে আজুৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েছন বৰপেটা জিলা সমিতি, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থা, বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ, জনীয়া প্ৰেছ ক্লাৱ , মন্দিয়া প্ৰেছ ক্লাৱ, কলগাছিয়া মহকুমা সাংবাদিক সংস্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, নিখিল ভাৰত কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে বিভিন্ন দল সংগঠন আৰু সচেতন মহলে। সাংবাদিকক অপদস্থ কৰা বিষয়া গৰাকীৰ পত্নীৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে জিলা প্ৰশাসনক উচিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে।
Comments