গুৱাহাটী, ১২ নৱেম্বৰঃ ক'ৰনাৰ সংক্ৰমণৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ বহুতো দেশত ছিটাকৰণ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। কিন্তু মহামাৰীৰ আশংকা এতিয়াও প্ৰতিহত হোৱা নাই। শেহতীয়াকৈ ফ্ৰান্সৰ পৰা ক'ৰনা ভাইৰাছৰ পঞ্চম ঢৌৰ খবৰ পোৱা গৈছে। ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰীয়ে এক বিবৃতিত কৈছিল যে, "দেশখনত ক'ৰনা মহামাৰীৰ পঞ্চম ঢৌ আৰম্ভ হৈছে।"
ইপিনে, ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰী অলিভিয়েৰ ভেৰনৰ মতে, ক'ৰনাৰ পঞ্চম ঢৌ আগতকৈ অধিক বিপদজনক হিচাপে প্ৰমাণিত হ'ব পাৰে। অলিভিয়েৰ ভেৰনে কৈছে যে, "পঞ্চম ঢৌ প্ৰতিহত কৰাৰ একমাত্ৰ উপায় হ'ল ক'ৰনাৰ প্ৰটোকল নিৰৱচ্চিন্ন ভাৱে অনুসৰণ কৰি থকা। এই ঢৌ ইতিমধ্যে আমাৰ চুবুৰীয়া দেশসমূহত অহা দেখা গৈছে। চুবুৰীয়া দেশবোৰৰ পৰিস্থিতি নিৰীক্ষণ কৰিলে অনুমান কৰিব পাৰি যে, ক'ৰনাৰ এই পঞ্চম ঢৌ সকলোতকৈ মাৰাত্মক হিচাপে প্ৰমাণিত হ'ব পাৰে।”
তেওঁ লগতে কৈছিল যে, "অক্টোবৰৰ পৰা দেশত ক'ৰনাৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। অলিভিয়েৰৰ মতে, অধিক ছিটাকৰণ, মাস্ক পৰিধান আৰু ছেনিটাইজেশ্যন ব্যৱস্থাৰ জড়িয়তে দেশখনে পঞ্চম ঢৌৰ সৈতে শক্তিশালীভাৱে মুখামুখি হ’বলৈ সক্ষম হ'ব।
Comments