Classifieds
View All
গুৱাহাটী,১১ নৱেম্বৰ:অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু বিকি জৈন টিভি জগতৰ বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় দম্পতি। যোৱা দুবছৰত দুয়োৰে ৰোমান্টিক ছবি আৰু বিবাহৰ উৰাবাতৰি কেইবাবাৰো পোহৰলৈ আহিছে। কিন্তু এতিয়া অংকিতাই সোনকালেই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে।অংকিতাই নিজেই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে। তেওঁ অলপতে ইনষ্টাগ্ৰামত দুটা পোষ্ট শ্বেয়াৰ কৰিছিল য'ত তেওঁলোকৰ বিয়াৰ কথা অনানুষ্ঠানিক ভাবে ঘোষণা কৰা যেন লাগিছে।
দৰাচলতে, অংকিতা লোখাণ্ডে ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। তেওঁ তেওঁৰ জীৱনৰ প্ৰতিটো বিশেষ মুহূৰ্ত তেওঁৰ অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰে। ইফালে, অংকিতাই এখন ৰোমান্টিক ছবি পোষ্ট কৰিছিল যিখন এখন সুন্দৰ স্থানত তোলা হৈছে য'ত দুয়োজনে তেওঁলোকৰ হাতত ধৰি থকা দেখা গৈছিল।
Comments