গুৱাহাটী, ১১ নৱেম্বৰঃ সকলোৱে জ্ঞাত যে সঠিক খাদ্য খোৱাটো এটা স্বাস্থ্যকৰ জীৱনশৈলীৰ লক্ষণ। এইটো তেওঁলোকে ভালদৰে বুজি পায় যিসকলে, এই ব্যস্ত জীৱনত।তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাত অসাৱধানতা অৱলম্বন কৰে, যাৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ দ্বাৰা আক্রান্ত হয়। সেয়েহে, সঠিক সময়ত সঠিক খাদ্য খোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ যাতে শৰীৰৰ প্ৰতিটো অংশ স্বাস্থ্যবান হৈ থাকে।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মানুহৰ ভুল জীৱনশৈলী আৰু বদঅভ্যাসে বৃক্কক বেয়াকৈ প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে। অত্যাধিক সুৰাপান ইয়াৰ মূল কাৰণ। বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা লেতেৰা পদার্থ উলিয়াই দিয়ে। যিসকলৰ বৃক্কৰ সমস্যা আছে তেওঁলোকক প্ৰাৰম্ভিক পৰ্যায়ত চিনাক্ত কৰা হয় আৰু তেওঁলোকৰ আহাৰৰ কিছু পৰিৱৰ্তনৰ প্ৰয়োজন। কিন্তু কিছুমান লোকৰ বৃক্কৰ সমস্যা একেবাৰে অন্তিম পৰ্যায়ত ধৰা পৰে, যাৰ ফলত তেওঁলোকে ডায়েলাইচিছ কৰিবলৈ বাধ্য হয়।
১. সুৰা পান
অত্যাধিক সুৰা পান কৰিলে বৃক্ক নষ্ট হ'ব পাৰে। অত্যাধিক সুৰা পান কৰিলে বৃক্কই কাম কৰাত অসুবিধা হ'ব পাৰে, যি আপোনাৰ মনটোক প্ৰভাৱিত কৰিব পাৰে। সুৰাই কেৱল বৃক্কক প্ৰভাৱিত নকৰে, বৰঞ্চ শৰীৰৰ বাকী অঙ্গবোৰৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে।
২. মাংস
মাংস হৈছে প্ৰ'টিনৰ এক ভাল উৎস, কিন্তু ই বৃক্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। মাংসত যথেষ্ট চৰ্বি থাকে, যি বৃক্কৰ বাবে সঠিক নহয়। ইউৰিক এচিডে বৃক্কৰ ক্ষতি কৰিব পাৰে, মাংসৰ অত্যাধিক সেৱনে শৰীৰত ইউৰিক এচিড বৃদ্ধি কৰে।
৩. কফি আৰু চাহ
কফি আৰু চাহত যথেষ্ট পৰিমাণৰ কেফেইন থাকে। বেছিভাগ লোকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে চাহ বা কফি খায়, কিন্তু তেওঁলোকে নাজানে যে এই অভ্যাস বৃক্কৰ বাবে মাৰাত্মক হ'ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বেছি পৰিমাণত কেফেইন গ্ৰহণ কৰিলে ৰক্তচাপৰ স্তৰ বৃদ্ধি হয়, যিবৃক্কৰ বাবে বিপদজনক হ'ব পাৰে।
৪. দুগ্ধজাত সামগ্ৰী
দুগ্ধজাত সামগ্ৰীবোৰেও বৃক্কৰ ক্ষতি কৰিব পাৰে। কাৰণ ইয়াত যথেষ্ট পৰিমাণত কেলচিয়াম আৰু অন্যান্য পুষ্টিৰ লগতে প্ৰ'টিন পোৱা যায়। এইবোৰ সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আহাৰত অন্তৰ্ভুক্ত কৰাটো অতি উপকাৰী, কিন্তু এইবোৰ অধিক পৰিমাণে গ্ৰহণ কৰিলে বৃক্কৰ ক্ষতি হ'ব পাৰে। অত্যাধিক কেলচিয়ামৰ ফলত বৃক্কৰ পাথৰ হ'ব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments
কংগনা ৰাণাৱটে পদ্মশ্রী বঁটা প্ৰদানৰ সময়ত বিচাৰি ফুৰিছিল কৰণ জোহৰক
Published on November 11, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ১১ নৱেম্বৰঃ অভিনেত্ৰী কংগনা ৰাণাৱটে কৈছিল যে, "তেওঁ কৰণ জোহৰক লগ পালেহেঁতেন যদি তেওঁ পদ্মশ্ৰী বঁটা প্ৰদান অনুষ্ঠানত তেওঁৰ মুখামুখি হ'লহেঁতেন। উল্লেখ্য যে, স্বজনপোষণৰ বিতৰ্কক লৈ দুয়োগৰাকী চিনেমাৰ ব্যক্তিত্বৰ মাজত সংঘৰ্ষ হৈছে।
কংগনা আৰু কৰণক শেহতীয়াকৈ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। এই সন্দৰ্ভত কৈছিল, "আমাক বঁটা প্ৰদান কৰা অনুষ্ঠানৰ সময় বেলেগ আছিল। মই ভাবো তেওঁলোকে আমাৰ পুৰস্কাৰৰ সময় বেলেগকৈ নিৰ্ধাৰিত কৰি ৰাখিছিল। মই কৰণক ভৱনৰ চাৰিওফালে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ তাত নাছিল।"