Cartoon
View Older
গুৱাহাটী, ১১ নৱেম্বৰঃ বৃহস্পতিবাৰে পুৱা ৫ বজাত বশিষ্ঠ মন্দিৰ প্ৰাংগনত মন্দিৰৰ এজন কৰ্মকৰ্তাই এটি ৫ বছৰীয়া কণমানি শিশুক অকলশৰীয়াকৈ বহি থকা দেখি শিশুটিক বশিষ্ঠ আৰক্ষী থানাত গতাই দিয়ে।
ইপিনে নীলা ৰঙৰ পেন্ট আৰু ৰঙা হাফ জেকেট পৰিধান কৰি থকা শিশুটিয়ে নিজৰ নাম কৃষ্ণকুমাৰ বুলি আৰক্ষীক অৱগত কৰে। লগতে শিশুটিয়ে পিতৃৰ নাম ধীৰাজ কুৰ্বে আৰু মাকৰ নাম ভাৰতী দেৱী বুলি আৰক্ষীক জনায়।
বৰ্তমান শিশুটিয়ে নিজৰ পিতৃ-মাতৃৰ অপেক্ষাত থানাত ৰৈ আছে বুলি আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
Comments