Classifieds
View All
গুৱাহাটী, ১২ নৱেম্বৰঃ মাছৰ সৈতে কফি সেৱন কৰা কথাটো অলপ আচৰিত যেন লাগিব পাৰে, কিন্তু এইটো এটা প্ৰকৃত ঘটনা। ইণ্টাৰনেটত এখন ৰেষ্টুৰেণ্টৰ ভিডিঅ' পোৱা গৈছে য'ত অতিথি বা গ্ৰাহকসকলে মাছৰ সৈতে চকীত বহি কফি অথবা খাদ্য গ্ৰহণ কৰে।
এই কেফে খনত চকী আৰু মেজবোৰ এটা কোঠাত ৰখা হয়, কাঠৰ মজিয়াবোৰৰ তলত পানীৰে ভৰ্তি কৰি ৰখা হয়। এই পানীত বহুতো ৰঙীন মাছ দেখিব পোৱা যায়। এই মজিয়াখন এক প্ৰকাৰে মাছৰ টেংকৰ দৰে ডিজাইন কৰা হৈছে, যি মানুহক যথেষ্ট আকৰ্ষিত কৰিছে।
দেৱালত এখন বোৰ্ড আছে য'ত মিঠা মাছৰ কেফে লিখা আছে কিন্তু ঠাইখনৰ বিষয়ে স্পষ্ট হোৱা নাই।"
Comments