গুৱাহাটী, ১২ নৱেম্বৰঃ বলীউডৰ জনপ্রিয় গায়ক তথা ৰেপাৰ বাদশ্বাহ তেওঁৰ হিট গানৰ বাবে জনাজাত। কিন্তু শেহতীয়াকৈ, বাদশ্বাহে নিজৰ গানৰ দৰ্শন বঢ়াবলৈ বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে এই গোচৰটোত ৪৪৬ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰা হৈছে। য'ত কোৱা হৈছে যে বাদশ্বাহে ৭৪ লাখ টকা দি তেওঁৰ গানৰ বাবে ৭২ লাখ দৰ্শন ক্ৰয় কৰিছিল।
১১ জুলাইত ইউটিউব চেনেলত চনী মিউজিকৰ মুক্তিৰ পৰৱৰ্তী ২৪ ঘণ্টাত ইউটিউবত 'পাগল' গানটো ৭৫ নিযুত দৰ্শন অথবা মানুহে ৭৫ নিযুত বাৰ চাইছিল। যাৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত 'পাগল' শীর্ষক গীতটো বিশ্বৰ ভিতৰতে আটাইতকৈ সঘনাই চোৱা গান হিচাপে জনাজাত হৈ পৰিছিল। পৰৱৰ্তী সময়ত বাদশ্বাহে তেওঁৰ 'পাগল' শীর্ষক গীতটোৰ বাবে দৰ্শন ক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এতিয়া এই গোচৰটোত ৪৪৬ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰা হৈছে। য'ত কোৱা হৈছে যে, "বাদশ্বাহে ৭৪ লাখ টকা দি তেওঁৰ গানৰ বাবে ৭২ লাখ দৰ্শন ক্ৰয় কৰিছিল। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত গোচৰটো অপৰাধ চোৰাংচোৱা গোটলৈ স্থানান্তৰ কৰা হৈছিল। শচীন ৱাজে তেতিয়া দলটোক নেতৃত্ব দি আছিল।
শচীনক দিয়া এক বিবৃতিত বাদশ্বাহে কৈছিল যে, "মোৰ গানটো চনি মিউজিক ইণ্ডিয়া চেনেলত প্ৰচাৰিত হ'ব। মই গানটো ৰেকৰ্ড কৰিছিলো আৰু চনি মিউজিকক দিছিলো।" ইপিনে বাদশ্বাহে সত্য স্বীকাৰ কৰি কৈছিল যে, "মোৰ গানটোৰ প্ৰচাৰৰ চোৱাচিতা কৰি থকা কিউকি ডিজিটেল মিডিয়া প্ৰাইভেটে ৭৪,২৬,৩৭০ টকা পৰিশোধ কৰিছিলো। য'ত ১৮ শতাংশ জি এছ টিও অন্তৰ্ভুক্ত আছিল।" চনি মিউজিকৰ পৱনেশ পাঞ্জুৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত বাদশ্বাহে এই পদক্ষেপ লৈছিল।
কিউকি ডিজিটেল মিডিয়া প্ৰাইভেট লিমিটেডৰ চি এফ অ' মহেন্দ্ৰ পেটেলে অপৰাধ শাখাৰ সন্মুখত তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিছিল। য'ত তেওঁ কৈছিল যে, "গানটোৰ প্ৰচাৰৰ বাবে চনি মিউজিকৰ জয় মেহতাই মোৰ সৈতে যোগাযোগ কৰিছিল।" মহেন্দ্ৰই লগতে কৈছিল, "মোৰ কোম্পানীয়ে বাদশ্বাহৰ 'পাগল' গানৰ প্ৰচাৰ কৰিছিল। ইয়াৰ বিনিময়ত মই বাদশ্বাহৰ পৰা ৭৪,২৬,৩৭০ টকা লাভ কৰিছিলো।"
Comments