গুৱাহাটী, ১২ নৱেম্বৰঃ তালিবানৰ আফগানিস্তান দখলৰ পিছত, সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছিল যে কেনেকৈ ৩,০০,০০০ তকৈও অধিক সৈন্য থকা সেনাবাহিনীয়ে অৱশেষত কেইহাজাৰমান তালিবানীৰ হাতত পৰাজিত হৈছিল। এই প্ৰশ্নটোৰ উত্তৰ শেহতীয়াকৈ প্ৰকাশ পাইছে। আশ্ৰাফ ঘানি চৰকাৰত বিত্ত মন্ত্ৰী হৈ থকা খালিদ পায়েণ্ডাই এই সন্দৰ্ভত কয় যে, "কাগজত উল্লেখ কৰা ধৰণেৰে আফগানিস্তানৰ সৈন্যৰ সংখ্যা বাস্তৱত যথেষ্ট কম আছিল। সেইকাৰণে তালিবানী সন্ত্রাসবাদীয়ে মাত্ৰ কেইদিনমানৰ ভিতৰতে দেশখন দখল কৰিবলৈ সক্ষম হৈছিল।
খালিদ পায়েণ্ডাই আফগানিস্তানৰ নিৰ্বাচিত চৰকাৰৰ পৰাজয়ৰ বাবে দুৰ্নীতিগ্ৰস্ত সামৰিক বিষয়াসকলক দোষাৰোপ কৰি কয় যে, "দুৰ্নীতিগ্ৰস্ত বিষয়াসকলে চৰকাৰ আৰু দেশক প্ৰতাৰণা কৰিছিল। তেওঁলোকে তিনি লাখতকৈও অধিক সৈনিকৰ উপস্থিতি কাগজে পত্রই উল্লেখ কৰিছিল। কিন্তু বাস্তৱ জগতত উল্লেখ কৰা সৈন্যৰ সংখ্যা সম্পূৰ্ণ পৃথক আছিল। এই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলে তালিবানৰ পৰা ধন লোৱা অব্যাহত ৰাখিছিল আৰু নিজৰ দেশখনকে প্ৰতাৰণা কৰি আহিছিল।
প্ৰাক্তন বিত্ত মন্ত্ৰীজনে লগতে কৈছিল যে, "কেৱল সেনাৰ ক্ষেত্ৰতেই নহয় আৰক্ষীৰ ক্ষেত্ৰতো একেই কাণ্ড সংঘটিত হৈছিল। দেশখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু দুৰ্নীতি চলাই যোৱাৰ লগতে শীৰ্ষ বিষয়াসকলে দেখুৱাইছিল যে তালিবানক পৰাস্ত কৰিবলৈ আফগানিস্তানৰ পৰ্যাপ্ত সামৰিক ক্ষমতা আছে। কিন্তু শীৰ্ষ বিষয়াসকলৰ নিৰ্দেশত এখন দুৰ্নীতিৰ খেলাহে চলি আছিল। প্ৰকৃততে উপস্থিত নথকা সৈনিকসকলক কাগজে পত্রই দেখুৱাই দুগুণ হাৰত জেপত দৰমহা ভৰাই গৈছিল।
খালিদ পায়েণ্ডাই শেষত কৈছিল, "যদি কৰ্তৃপক্ষৰ দাবীৰ সত্যতা নিৰ্ণয় কৰাৰ চেষ্টা কৰা হ'লহেঁতেন, বৰ্তমানৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক হ'ল হয়।" পায়েণ্ডাই জানিবলৈ দিয়া মতে, আফগানিস্তানত ৪০,০০০ ৰ পৰা ৫০,০০০ সৈন্যও নাছিল, যাক কাগজত ৩,০০,০০০ তকৈও অধিক দেখুওৱা হৈছিল। সেয়েহে, তালিবানে কেইদিনমানৰ ভিতৰতে আফগানিস্তান দখল কৰে। ইয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ সমালোচনা হৈছিল।
Comments