Classifieds
View All
গুৱাহাটী, ১৩ নৱেম্বৰঃ শনিবাৰে পুৱা ৫ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিকবক্সাৰ আলফা (স্বা)ত যোগদান কৰাৰ খবৰ পোৱা গৈছে। যুৱতীকেইগৰাকীয়ে ঘন অৰণ্যৰ ভিতৰেৰে অচিনাক্ত ঠাইৰ দিশে খোজ কাঢ়ি গৈ থকা এটা ভিডিঅ' প্ৰকাশ পাইছে, যাৰ ফলত যুৱতী কেইগৰাকী আলফাত যোগদান কৰাৰ সম্ভাৱনা তীব্ৰতৰ হৈ উঠিছে।
ইপিনে, কিকবক্সাৰ নয়নমণি চেতিয়া আৰু সবিতা চেতিয়াৰ লগতে আন তিনিগৰাকী যুৱতী মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল। ইয়াৰে, নয়নমণি চেতিয়া তিনিচুকীয়া জিলাৰ বাসিন্দা আৰু সবিতা চেতিয়া ধেমাজি জিলাৰ গোগামুখৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
Comments