গুৱাহাটী, ১৩ নৱেম্বৰঃ শতিকাৰ আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ ১৯ নৱেম্বৰত দেখা পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এইটো প্ৰায় ৬০০ বছৰৰ অন্তত হ'বলগীয়া আটাইতকৈ দীঘলীয়া চন্দ্রগ্ৰহণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাটলাৰ বিশ্ববিদ্যালয়ৰ চৌহদত থকা ইণ্ডিয়ানাৰ হলকম্ব অবজাৰ্ভেটৰীৰ মতে, চন্দ্ৰগ্ৰহণ তেতিয়াহে হ'ব যেতিয়া চন্দ্রটো পৃথিৱীৰ ছাঁৰ আঁৰত লুকাই যাব। এই ক্ষেত্ৰত, আংশিক চন্দ্ৰগ্ৰহণৰ সময় ৩ ঘণ্টা, ২৮ মিনিট, ২৪ ছেকেণ্ডৰ বাবে থাকিব আৰু সম্পূৰ্ণ চন্দ্রগ্ৰহণ ৬ ঘণ্টা ১ মিনিটলৈ থাকিব। এই ঘটনাটোৰ ফলত এই গ্ৰহণটোক ৫৮০ বছৰৰ ভিতৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্রগ্ৰহণ হিচাপে ধাৰণা কৰা হ'ব।
অবজাৰ্ভেটৰীয়ে এই বিষয় সন্দৰ্ভত টুইট কৰি কৈছিল, "শতিকাৰ আটাইতকৈ দীঘলীয়া আংশিক গ্ৰহণ ১৯ নৱেম্বৰৰ পুৱাৰ ভাগত হ'ব পাৰে, ই ৫৮০ বছৰৰ ভিতৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ হ'ব। য'ত মহাকাশ পৰ্যবেক্ষকসকলে সূক্ষ্মভাৱে পৰিৱৰ্তনশীল চন্দ্ৰৰ দৃশ্য বিচাৰি পাব। উক্ত দিনা চন্দ্রটো ৰঙা ৰঙৰ দেখা যাব পাৰে। লগতে এই চন্দ্রগ্ৰহণ বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ হিচাপে বিবেচিত হ'ব। নাছাৰ মতে, চন্দ্রগ্ৰহণটো চাৰিটা মুখ্য পৰ্যায়ত হ'ব।
আনহাতে, অবজাৰ্ভেটৰীয়ে কৈছিল যে, "সৰ্বাধিক চন্দ্রগ্ৰহণৰ দৃশ্য় পুৱা ৪.০৩ বজাত দেখা পোৱা যাব, যেতিয়া চন্দ্ৰৰ ৯৭ শতাংশ পৃথিৱীৰ ছাঁৰ গভীৰতম অংশৰ দ্বাৰা আৱৰি থাকিব, যি সম্ভৱতঃ গাঢ় ৰঙা ৰঙালৈ পৰিৱৰ্তিত হ'ব। নাছাই শেষত কৈছিল যে ,গ্ৰহণৰ কিছু অংশ উত্তৰ আৰু দক্ষিণ আমেৰিকা, পূব এছিয়া, অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰত দেখা পোৱা যাব।
Comments