গুৱাহাটী, ১৫ নৱেম্বত : শেহতীয়াকৈ বিভিন্ন ক্ষেত্রত কঠোৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম।গুৱাহাটী পৌৰ নিগমে নিৰ্দিষ্ট চৰ্ত আৰু নিৰ্দেশনাৰ সৈতে মহানগৰীৰ স্পা, বিউটী পাৰ্লাৰ আৰু চেলুনসমূহৰ বাবে ট্ৰেড লাইচেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।এই চৰ্ত অনুসৰি পাৰ্লাৰ বা স্পাসমূহৰ ভিতৰত কোনো আছুতীয়া কোঠা বা চেম্বাৰ থাকিব নোৱাৰিব । এই পাৰ্লাৰ, চেলুনসমূহত ট্ৰান্সপেৰেন্ট অৰ্থাৎ ইপাৰ-সিপাৰ দেখা গ্লাছ থকাৰ লগতে যোগ্য থেৰাপিষ্ট নিযুক্ত কৰিব লাগিব । তদুপৰি জাৰি কৰা নিৰ্দেশনা অনুসৰি বিপৰীত লিংগৰ দ্বাৰা থেৰাপী বা মালিচ দিব নোৱাৰিব ৷সেইদৰে চেলুন, স্পা, বিউটী পাৰ্লাৰ সমূহলৈ যোৱা গ্ৰাহকৰ যোগাযোগ নম্বৰ আদি জমা ৰাখিব লাগিব প্ৰতিষ্ঠানবোৰৰ কৰ্তৃপক্ষই ।
গুৱাহাটী পৌৰ নিগমে স্পষ্ট কৰি দিছে যে মহানগৰীত কোনো লোকে চেলুন খোলা, বিউটী পাৰ্লাৰৰ বৃত্তি গ্ৰহণ কৰাত কোনো ধৰণৰ আপত্তি নাই ।কিন্তু নিগম পাব্লিক মৰেলিটী আইনক সন্মান কৰিবলৈ সকলোৱে বাধ্য হ'ব লাগিব। সেয়েহে কিছুমান নিৰ্দেশনা সাপেক্ষেহে ট্ৰেড লাইচেঞ্চ জাৰি কৰিব । মহানগৰীৰ বিভিন্ন ঠাইত গঢ় লৈ উঠা বহু পাৰ্লাৰ, চেলুন, স্পা আদিৰ ক্ষেত্রত উত্থাপন হোৱা কেতবোৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি পৌৰ নিগমে এনে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ।
Comments