গুৱাহাটী, ১৫ নৱেম্বৰঃ বৰ্তমানৰ দিনত জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে বেছিভাগ লোক মধুমেহত আক্ৰান্ত হ'বলগীয়া হৈছে। ইয়াৰ উপৰিও, অধিক ওজন, উচ্চ কলেষ্টেৰল বা আনুবংশিক কাৰণৰ ফলতো ৰক্ত শৰ্কৰা হয়। ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (আই.এম.এ.)ৰ মতে, পুৰুষৰ তুলনাত মহিলাৰ মধুমেহৰ আশংকা অধিক। পৰিসংখ্যা অনুসৰি, ২০২১ চনত বিশ্বজুৰি মধুমেহৰ ফলত প্ৰায় ৬.৭ নিযুত লোকৰ মৃত্যু হৈছে, য'ত যথেষ্ট সংখ্যক প্ৰাপ্তবয়স্ক লোক আছে।
ৰক্ত শৰ্কৰাৰ সমস্যাৰ সৈতে জৰ্জৰিত হৈ থকা লোকসকলে খাদ্য গ্ৰহণৰ লগতে, ব্যায়াম, যোগ আদি সঠিকভাৱে কৰি যাব লাগে। এইবোৰ ঘৰুৱা প্ৰতিকাৰ কৰাৰ লগতে আদা গ্ৰহণ কৰিও ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্রণত ৰাখিব পাৰে। প্লাণ্টা মেডিকা আলোচনীত প্ৰকাশিত আন এক গৱেষণা অনুসৰি, আদাত মুখ্য সক্ৰিয় উপাদান জিঞ্জাৰোল থাকে, যি ইনচুলিন ব্যৱহাৰ নকৰাকৈ পেশী কোষবোৰত গ্লুকোজ শোষণ কৰাৰ বাবে উন্নত কৰে আৰু ৰক্ত শৰ্কৰাৰ বৰ্ধিত স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আদাত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে, যি মধুমেহৰ কিছুমান জটিলতা প্ৰতিহত কৰাত সহায় কৰিব পাৰে।
বৰ্ধিত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ আদা গ্ৰহণ কৰাৰ পদ্ধতিসমূহঃ
১. আদা সৰু আকাৰত কাটি কেঁচা কৈ খাব পাৰি।
২. যিকোনো ব্যঞ্জন ৰান্ধোতে সামান্য পৰিমাণৰ আদা যোগ দিব পাৰে।
৩. আদা চাহে ৰক্ত শৰ্কৰা স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। ইয়াৰ বাবে একাপ পানী উতলাওক আৰু আদাৰ কেইটুকুৰামান ইয়াত যোগ দিয়ক। ইয়াক অলপ সময়ৰ বাবে উতলিব দি গৰমে গৰমে পান কৰক।
৪. আদা পানীও ৰক্ত শৰ্কৰাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। ইয়াৰ বাবে, আদাৰ কেইটামান টুকুৰা অলপ পানীত কাটি ৰাতিটো থৈ দিয়ক। পুৱা শুই উঠি এই আদা পানী খাব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments
ঘৰত ব্যৱহাৰ হোৱা এইবিধ সামগ্ৰী অতিকৈ বিপদজনক, বৃদ্ধি কৰিব পাৰে কৰ্কট ৰোগৰ আশংকা
Published on November 13, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ১৩ নৱেম্বৰঃ সকলোৰে ঘৰত বহুতো মানদণ্ডৰ মচলা তথা বনৌষধিৰ ব্যৱহাৰ হৈ আহিছে। কিন্তু বিজ্ঞানীসকলে পাকঘৰত ব্যৱহাৰ হোৱা এবিধ উমৈহতীয়া উপাদান আৱিষ্কাৰ কৰিছে, যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। এইটো জনাত সঁচাকৈয়ে আশ্চৰ্যজনক হ'ব পাৰে, কিন্তু ই সম্পূৰ্ণ সত্য।
অৱশ্যে, গৱেষকসকলে লগতে কয় যে, এই সন্দৰ্ভত এতিয়াও অধিক গৱেষণা কৰা হোৱা নাই। বিশ্বব্যাপী কৰ্কট গৱেষণাৰ মুখ্য কাৰ্যবাহী ডাঃ হেলেন ৰিপনে কয় যে, "এই আৱিষ্কাৰ বিজ্ঞান জগতৰ এক বৃহৎ সফলতা। ই আমাক খাদ্য আৰু কৰ্কট ৰোগ কেনেদৰে সংযুক্ত হয় তাৰ বিষয়ে তথ্য প্ৰদান কৰে আৰু সম্ভৱতঃ অধিক গুৰুত্বপূৰ্ণভাৱে, আমি কৰ্কট ৰোগৰ বাবে নতুন চিকিৎসা প্ৰৱৰ্তন কৰিবলৈ ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়েও তথ্য আগবঢ়ায়।"
Published on January 1, 1970|News Source :