গুৱাহাটী,১৫ নৱেম্বৰ:ক্ষমতাৰ পটপৰিৱর্তনৰ লগে লগে ভয়াবহ খাদ্য সংকটৰ গৰাহত পৰিছে আফগানিস্তান । এনে পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সেই দেশত গম পঠাই আফগান জনতাক সহায় কৰিব বিচাৰিছে ভাৰতে । কিন্তু যি বিপুল পৰিমাণৰ গম কাবুলত দিয়াৰ পৰিকল্পনা কৰিছে নতুন দিল্লীয়ে, সেয়া কোনো কাৰণতে আকাশ পথেৰে যোৱা সম্ভৱ নহয় । পাকিস্তানৰ পথেৰেই পঠাব লাগিব সেইবোৰ । ভাৰতৰ পৰা প্ৰেৰণ কৰা গমৰ ট্রাক আফগানিস্তানত দিবলৈ পাকিস্তানৰ পথ ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰিছিল মোদী চৰকাৰে । কিছুদিন ইয়াৰ ফাইল বন্দি কৰি ৰখাৰ পাছত অৱশেষত সেই প্রস্তাৱত সেউজীয়া সংকেত দিছে ইমৰান খানৰ চৰকাৰে ।
পাকিস্তানৰ প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা আজি টুইট কৰি কয়, ‘‘আফগানিস্তানত গম পঠোৱাৰ বিষয়ত ভাৰতে দিয়া প্ৰস্তাৱত অনুমোদন দিবৰ বাবে আফগান চৰকাৰক অনুৰোধ কৰিছিল । প্রধানমন্ত্রী ইমৰান খানে জনাইছে, এনে পৰিস্থিতিত পাকিস্তানে ইতিবাচক মনোভাব লৈ প্রস্তাৱটো বিবেচনা কৰিব । কেনেদৰে এয়া বাস্তৱায়িত কৰা হ’ব, সেই বিষয়টো পৰ্যবেক্ষণ কৰা হৈছে । মানৱীয় দৃষ্টিকোণৰ পৰা এই ব্যতিক্রমী সিদ্ধান্তত সহযোগ কৰিছে ইছলামাবাদে।’’
Comments