Cartoon
View Older
গুৱাহাটী,১৫ নৱেম্বৰ:সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তিযোগে আজি আলফা স্বাধীনে এক পক্ষীয় অস্ত্ৰ বিৰতিৰ ম্যাদ পুনৰ তিনিমাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।অসমৰ জনতাৰ স্বাৰ্থৰ খাতিৰতে আলফা স্বাধীনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে।
আনহাতে, এই সময়ছোৱাৰ ভিতৰত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে সকলো ধৰণৰ সামৰিক কাৰ্য্যকলাপৰ পৰা বিৰত থাকিব বুলিও কয়।উল্লেখযোগ্য যে, বিগত ২০২১ চনৰ ১৪ মে’ৰ পৰা পৰা সংযুক্ত মুক্তি বাহিনী অসমে একপক্ষীয় অস্ত্ৰ বিৰতি ঘোষণা কৰিছিল।
Comments