গুৱাহাটী,১৫ নৱেম্বৰ : অৱশেষত টি-২০ বিশ্বকাপত শেষ হাঁহি মাৰিলে টীম অষ্ট্ৰেলিয়াই । দেওবাৰে টী-20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টী-২০ বিশ্বকাপৰ খিতাপ অৰ্জন কৰে অষ্ট্ৰেলিয়াই ৷
অথলে গ'ল নিউজিলেণ্ডৰ কেপ্তেইন কেন উইলিয়ামছনৰ ৮৫ ৰাণৰ দুৰ্দান্ত ইনিংছ। অষ্ট্ৰেলিয়াৰ মিচেল মাৰ্ছৰ ৫০ টা বলত ৭৭ ৰাণ আৰু ডেভিড ৱাৰ্ণাৰৰ ৩৮ টা বলত ৫৩ ৰাণৰ দ্বাৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বিশ্বকাপৰ খিতাপ জয় কৰে কেংগাৰু বাহিনীয়ে ৷নিউজিলেণ্ডৰ বলাৰ ট্ৰেণ্ট বোল্টে মাত্ৰ 5 ৰাণতে খেলৰ পৰা বাহিৰ কৰিছিল অষ্ট্ৰেলিয়ান অ’পেনাৰ আৰন ফিন্সক । ইয়াৰ পাচতে মিচেল মাৰ্ছ আৰু ডেভিড ৱাৰ্ণাৰে ৯২ ৰাণৰ পাৰ্টনাৰশ্বিপেৰে বিজয়ৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হয় । ১৭২ ৰাণৰ লক্ষ্য বান্ধি দিয়া নিউজিলেণ্ডক সাতটা বল বাকী থকা অৱস্থাতে পৰাস্ত কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াই ৷
Comments