গুৱাহাটী,১৬ নৱেম্বৰ:গৰুৰ বাবে এম্বুলেন্স সেৱা আৰম্ভ কৰিছে উত্তৰ প্রদেশ চৰকাৰে । ডেয়ৰী উন্নয়ন, পশুপালন আৰু মৎস্য সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রী লক্ষ্মী নাৰায়ণ চৌধুৰীয়ে দেওবাৰে এই কথা ঘোষণা কৰিছে। অসুস্থ গৰু দ্রুত চিকিৎসা কৰোৱাৰ লক্ষ্যৰেই এই সেৱা আৰম্ভ হ’ব উত্তৰ প্ৰদেশত । মন্ত্রীজনে জনাইছে, গৰুৰ বাবে এই ধৰণৰ সেৱা ‘দেশত এয়ে প্রথম’ ।
২৪ ঘণ্টাই এই সেৱা লাভ কৰিব গোধন প্রতিপালকসকলে । সেয়ে ইতিমধ্যেই ৫১৫ খন এম্বুলেন্স ৰাজ্যত প্ৰস্তুত আছে বুলি জনাইছে লক্ষ্মী নাৰায়ণে । তেওঁ কয়, ‘‘এই সেৱাৰ বাবে জৰুৰীকালীন নম্বৰ ১১২ ত ফোন কৰিব লাগিব ।"
এই নম্বৰত ফোন কৰাৰ আধা ঘণ্টাৰ ভিতৰত দুই সহকাৰীৰ স’তে এজন পশুচিকিৎসক উপস্থিত হ’ব বুলি জনাইছে মন্ত্রীজনে । এই সেৱা সংক্রান্ত অভাৱ-অভিযোগৰ বাবে লক্ষ্ণৌত এটা কলচেন্টাৰ মুকলি কৰিব যোগী চৰকাৰে ।
গৰুৰ চিকিৎসাৰ লগতে প্রজননক লৈও চিন্তিত উত্তৰ প্রদেশৰ বিজেপি চৰকাৰ । গুণগত মানৰ বীর্য আৰু ভ্রূণ প্রতিস্থাপন প্রযুক্তিৰ মাধ্যমত গৰুৰ প্রজননক আৰু উন্নত কৰিব বিচাৰে ৰাজ্য চৰকাৰে । তাৰ বাবেও এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে যোগী চৰকাৰৰ তৰফৰ পৰা । তাৰেই অধীনত ৰাজ্যৰ গোধন প্রতিপালকসকলক এই বিষয়ত সহায় কৰিব চৰকাৰে ।
Comments