দুলীয়াজানঃ ১৫ নৱেম্বৰঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰছ গোৱালা মুৰ্দাবাদ ধ্বনিৰে আজি পুৱাৰে পৰা উত্তপ্ত হৈ পৰে তৈল নগৰী দুলীয়াজান। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকা ১৬ নং তিনিআলিৰ পৰা হুকুটা চাৰি আলিলৈকে সমগ্ৰ পথচোৱা পুনৰ নিৰ্মাণৰ দাবীত ৰাজ পথলৈ ওলাই আহে শ শ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি ।
বাৰিষা হলে বোকা পানীৰে ওপচি পৰা আৰু খৰালি ধূলিৰে জ্বলা কলা দেখুৱাই অহা পথচোৱাৰ প্ৰতি গড়কাপ্তানী বিভাগে মাহী আইৰ দৃষ্টি দি অহাৰ অভিযোগ তুলি ৰাইজে পুৱাৰ পৰা ১৬ নং তিনিআলিত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে অভিযোগ কৰা অনুসৰি দেশৰ নৱৰত্ন উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা লাভজনক উদ্যোগ থকাৰ পিছতো দীৰ্ঘদিন ধৰি জৰাৰ্জীণ হৈ পৰা পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰনৰ গুৰুত্ব প্ৰদান কৰা নাই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগ অথবা অইল ইণ্ডিয়া লিমিটেডে।
ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহৰ সমীপৰ পথচোৱাৰ তথৈবচ অৱস্থা দেখিও মন্ত্ৰীজনে চকুমুদা কুলিৰ ভাও ধৰা বুলি ৰাইজে তীব্ৰ সমালোচনা কৰে। আনহাতে স্থানীয় বিধায়ক তেৰছ গোৱালাই সমষ্টি উন্নয়নৰ নামত কথাৰ ফুলজাৰি মৰা বুলিও ক্ষোভ উজাৰে ৰাইজে। ইফালে ৰাইজৰ এই পথ অৱৰোধৰ ফলত তিনিচুকীয়াৰ পৰা নাহৰকটীয়া অভিমুখী আৰু দুলীয়াজানৰ পৰা তিনিচুকীয়া অভিমুখী বহুতো যান বাহন পথতে আৱদ্ধ হৈ পৰে।
পাছত প্ৰতিবাদস্থলীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া, নামৰূপস্থিত উপ আৰক্ষী অধীক্ষক আৰু অইলৰ বিষয়াবৰ্গ উপস্থিত হৈ পথচোৱা নিৰ্মাণ সন্দৰ্ভত অতিশীঘ্ৰে ৰাইজৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিয়াত পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে।
Comments