গুৱাহাটী,১৬ নৱেম্বৰ:এক চৰকাৰী প্ৰতিবেদন অনুসৰি, ছিকিম ৰাজ্যই ২০২৩ চনৰ ভিতৰত ভাৰতৰ বাকী অংশৰ সৈতে ৰে’ল সংযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ৪৪.৯৮ কিলোমিটাৰ দীঘল চিভক-ৰংপো ৰে’লপথ দুবছৰৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব।
ৰে’লৱেৰ এজন উচ্চ পদস্থ বিষয়া তথা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তাই কয়, “২০২৩ চনৰ পৰা চিভক-ৰংপো ৰে’ল লাইন কাৰ্যক্ষম হ’ব। দুৰ্গম অঞ্চল, ভূমি সম্পৰ্কীয় অসুবিধাৰ স্বত্বেও প্ৰকল্পটো ২০২৩ চনত সম্পূৰ্ণ কৰা হ’ব।”
উল্লেখযোগ্য যে ২০০৯ চনত তদানীন্তন ৰে’ল মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰে’ল সংযোগৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৫ চনৰ ভিতৰত এই কাৰ্য্য সম্পূৰ্ণ হোৱাৰ কথা আছিল।
ৰে’ল বিষয়াসকলে কৈছিল যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰে’লৱে বোৰ্ডে ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। lপশ্চিম বংগ আৰু ছিকিমক সংযোগ কৰিব লগা এই লাইনটো ১,৩৩৯.৪৮ কোটি ব্যয়েৰে সম্পূৰ্ণ হ’ব বুলি অনুমান কৰা হৈছিল। কিন্তু নিৰ্মাণত পলম হোৱাৰ বাবে, ব্যয় ৫,০০০ কোটিতকৈও অধিক বৃদ্ধি হৈছে।
Comments