গুৱাহাটী, ১৬ নৱেম্বৰ: বহুতো খাদ্য নিৰ্মাতাই পেকেট যুক্ত সামগ্ৰীত নাৰিকল তেল ব্যৱহাৰ কৰা আৰম্ভ কৰিছে লগতে বৰ্তমানে বহুতো লোকে ইয়াক ৰন্ধাৰ বাবেও ব্যৱহাৰ কৰে।বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰী যেনে ভজা খাদ্য, মিঠাই, চেম্পু, কফিত নাৰিকল তেল থাকে।
আমেৰিকা যুক্তৰাষ্ট্ৰত ২০১৬ চনত চলোৱা এক জৰীপৰ ফলাফলে দেখুৱাইছিল যে ৭২ শতাংশ লোকে বিশ্বাস কৰে যে নাৰিকল তেল স্বাস্থ্যৰ বাবে উপকাৰী।নাৰিকল তেলৰ বিভিন্ন উপকাৰীতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
★ নাৰিকল তেলত ৪০ শতাংশ ল'ৰিক এচিড পোৱা যায়, যি আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন সংক্ৰমণৰ লগত যুজিবলৈ সহায় কৰে ।
★ বিভিন্ন গম্ভীৰ ৰোগ, যেনেঃ আলঝেইমাৰ, মৃগী তথা শৰীৰৰ কোনো অংশত আঘাত লাগিলে মৃত হৈ পৰা কোষিকাবোৰ নাৰিকল তেলে পুনৰ জীৱিত কৰি তোলে ।
★ নাৰিকল তেলত কেলচিয়াম আৰু মেগনেচিয়াম থকাৰ বাবে ই শৰীৰৰ হাড়বিলাক মজবুত কৰি ৰাখে।
★ নাৰিকল তেলে শৰীৰৰ ছাল কোমল আৰু মিহি কৰি ৰখাত সহায় কৰে । সেয়ে শুকান, নিৰ্জীৱ আৰু সোনকালে বয়সৰ আচোৰ পৰা ছালসমূহত এই তেল লগালে নিশ্চিত ৰুপত সুফল পোৱা যায় ।
★ নাৰিকল তেলেৰে নিয়মিত ৰুপত মূৰৰ মালিচ কৰিলে মগজু শীতল হৈ থকাৰ উপৰিও চুলি সৰা, চুলি পকা, উফি হোৱা ইত্যাদি সমস্যাৰ পৰা হাত হাৰিব পাৰি ।
★ যদি বিচাৰে আপোনালোকে শিশুবিলাকৰ মালিচ কৰিবলৈ ঠাণ্ডা নাৰিকল তেলৰ ব্যৱহাৰ কৰিব পাৰে।
★ বৈজ্ঞানিক গৱেষণাৰ পৰা গম পোৱা গৈছে যে নাৰিকল তেলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।
Comments