গুৱাহাটী, ১৬ নৱেম্বৰঃ শেহতীয়াকৈ, এটা ৮ কিলোগ্ৰাম আলু সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিল। নিউজিলেণ্ডৰ এহাল দম্পতীয়ে তেওঁলোকৰ ঘৰত এই আলু খেতি কৰিছিল, যিটো সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছিল। কিন্তু কোনেও হয়টো নাজানে যে পৃথিৱীত এটা ৬০০ কিলোগ্ৰামৰ আলুও আছে। ইয়াক শুনিবলৈ আচৰিত যেন লাগিলেও ই সম্পূর্ণ সত্য।
দৰাচলতে ৬০০ কিলোগ্ৰামৰ এই আলুটো আঁচল আলু নহয়, ই এখন আলু আকৃতিৰ হোটেলহে। যাক বাস্তৱত দেখি এই হোটেলখনলৈ অহা সকলো মানুহ আচৰিত হৈ পৰে, কিন্তু ইয়াত এদিন থাকিবৰ বাবে ১৮ হাজাৰ টকাৰো অধিক ব্যয় কৰিব লগা হয়। আলুৰ ভিতৰত নিৰ্মিত এই বিলাসী হোটেলখনৰ ভিতৰৰ দৃশ্যবোৰ দেখি, সকলোৰে ইয়াৰ ভিতৰত মন যাব। এই আলু আকৃতিৰ হোটেলখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইডাহো ৰাজ্যত (আইডাহোৰ বিগ পটেটো হোটেল) নিৰ্মাণ কৰা হৈছে।
পোনপ্ৰথমবাৰৰ বাবে এই ৬ টন ওজনৰ আলুৰ হোটেলখনৰ ভিতৰলৈ যোৱা সকলো লোক আচৰিত হৈ পৰে। এই হোটেলখনৰ ভিতৰত সকলোধৰণৰ সুবিধা আছে। সেইকাৰণে এই হোটেলখনলৈ এটা ৰাতি থাকিবলৈ অহা মানুহবোৰে ২৪৭ ডলাৰ অৰ্থাৎ ১৮ হাজাৰ টকাতকৈ অধিক মূল্য পৰিশোধ কৰিবলৈ সংকোচ নকৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইডাহো ৰাজ্য আলু উৎপাদনৰ বাবে বিশ্বজুৰি বিখ্যাত। এই কাৰণে, ইয়াত আলুৰ আকৃতিৰ এখন হোটেল নিৰ্মাণ কৰা হৈছে।
দুজন মানুহে এই হোটেলৰ ভিতৰত ৰাতিটো কটাব পাৰে। এই হোটেলখনৰ ভিতৰভাগ অতি সুন্দৰ আৰু সম্পূৰ্ণ আধুনিক। ইয়াক সমসাময়িক শৈলীত নিৰ্মাণ কৰা হৈছে। ইয়াত বাস কৰা লোকসকলক উৎকৃষ্ট খাদ্য পৰিৱেশন কৰা হয়। ইয়াৰ উপৰিও, হোটেলখনত এটা সৰু বাথৰুম আৰু এটা সৰু পাকঘৰও নিৰ্মাণ কৰা হৈছে। লগতে এয়াৰ-কণ্ডিচনাৰও স্থাপন কৰা হৈছে যাতে এই হোটেলখনত থাকোঁতে কোনো লোকে ভিতৰৰ তাপ অনুভৱ নকৰে।
Comments