গুৱাহাটী, ১৬ নৱেম্বৰঃ যদি কোনো লোকৰ ব্যৱসায় কৰাৰ ক্ষমতা আছে, তেন্তে আটাইতকৈ সৰু পৰিকল্পনাৰেও বৃহৎ ধনৰাশি উপাৰ্জন কৰিব পাৰি। বজাৰত মানুহৰ চাহিদা পূৰণ কৰাৰ সঠিক ৰণনীতিয়ে ব্যৱসায়ীজনক ধনী কৰিব পাৰে। ঠিক তেনে এক ঘটনা ইংলেণ্ডৰ লিডছত বাস কৰা এজন ব্যক্তিয়ে সঠিক পৰিকল্পনাৰে কোটিপতি হ'বলৈ সক্ষম হৈছিল। যেতিয়া ক'ৰনা মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বতে লকডাউন জাৰি কৰা হৈছিল, তেতিয়া মানুহবোৰে নিজ বাসগৃহতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। কোনেও সঠিকভাৱে খাদ্য সামগ্রী লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, তেতিয়া এজন মানুহে কেৱল এটা সৰল পৰিকল্পনা প্ৰস্তুত কৰি কোটি টকাৰ গৰাকী হ'বলৈ সক্ষম হৈছিল।
লিডছৰ বাসিন্দা ষ্টিভ পাৰ্কিনে ১৬ বছৰ বয়সত স্কুলীয়া শিক্ষা এৰি দিছিল। তেওঁ এজন মাছমৰীয়াৰ পুত্ৰ আছিল। তেওঁ ১৯৯২ চনত 'মেন উইথ এ ভেন' নামৰ এটা অনলাইন লজিষ্টিক ডেলিভাৰী কোম্পানী আৰম্ভ কৰিছিল। ক'ৰনা কালত, তেওঁৰ কোম্পানীয়ে কোটি কোটি টকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এক বিশেষ প্ৰতিবেদন অনুসৰি, ষ্টিভ পাৰ্কিনৰ কোম্পানী মটৰৱেকে ধৰি মাৰ্ক্স এণ্ড স্পেন্সাৰ, মৰিচন আৰু এএছডিএৰ দৰে ডাঙৰ কোম্পানীৰ ৱেৰহাউচ আছে। যিয়ে সামগ্ৰী ঘৰে ঘৰে গ্ৰাহকসকলক বিতৰণ কৰি আহিছে।
আন এক প্ৰতিবেদন অনুসৰি, ব্যৱসায়ী ষ্টিভ পাৰ্কিনে এতিয়া য়ৰ্কশায়াৰৰ শীৰ্ষ ১০ জন ধনী ব্যক্তিৰ তালিকাত প্ৰৱেশ কৰিছে। যোৱা এবছৰৰ ভিতৰত, তেওঁৰ সম্পত্তি ৪৫ নিযুত পাউণ্ড অৰ্থাৎ প্ৰায় ৪৫০ কোটিলৈ বৃদ্ধি হৈছে। কোম্পানীৰ মতে, 'মেন উইথ এ ভেন'ৰ ব্যৱসায় ৩৯.১ শতাংশলৈ বৃদ্ধি হৈছে। অৰ্থাৎ, এই কোম্পানীটোৰ মূল্য এতিয়া ৭০০ কোটি টকা হৈছে। এবছৰৰ ভিতৰত, প্ৰায় ২০০০ লোকে এই কোম্পানীত যোগদান কৰিছে আৰু মুঠ দহ হাজাৰ লোকক চাকৰি দি আহিছে। ষ্টীভে প্ৰথমে এটা কোম্পানীৰ বাবে গাড়ী চলাইছিল।
Comments
৭ ফুট উচ্চতাৰ আদিম মানুহ দেখা পোৱা গ'ল অৰণ্যত! যাৰ ভৰিৰ জোখ ১৬ ইঞ্চি দীঘল
Published on November 16, 2021|News Source : অৰূপ ডেকা
পৃথিৱীৰ আচৰিত প্ৰাণীৰ ভিতৰত বিগফুটৰ নাম শীৰ্ষত আছে, যি আজিও ৰহস্যৰ আৱৰ্তত সোমাই আছে। বিগফুটৰ পৰিচয় পৃথিৱীত অন্য ঠাইভেদে বেলেগ বেলেগ। তিব্বত আৰু নেপালত ই 'য়েতি' নামেৰে জনাজাত, অষ্ট্ৰেলিয়াত ইয়াক 'যোগী' বুলি জনা যায়। ভাৰততো ইয়াক 'য়েতি' বুলিয়ে কোৱা হয়।