Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6548

মাছমৰীয়াৰ পুত্ৰ হৈ এবছৰতে ৪৫০ কোটি টকা উপাৰ্জন কৰাৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী


Published on November 16, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

৭ ফুট উচ্চতাৰ আদিম মানুহ দেখা পোৱা গ'ল অৰণ্যত! যাৰ ভৰিৰ জোখ ১৬ ইঞ্চি দীঘল


Published on November 16, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৬ নৱেম্বৰঃ সমগ্ৰ বিশ্বতে এনে বহুতো ৰহস্যজনক বস্তু আছে, যিবোৰ প্ৰায়ে আলোচনাৰ বিষয় হৈ আহিছে। কিন্তু সেইবোৰ বস্তু কেতিয়াও দৃশ্যমান নহয়। ইয়াৰ ভিতৰত এটা হৈছে বিগফুট (Big Foot), যাৰ ভৰি দুখন আঁকাৰত বহুত ডাঙৰ। কোৱা হয় যে এই আদিম মানুহজনৰ উচ্চতা প্ৰায় ৭ ফুট আৰু দুখন ভৰি বহুত ডাঙৰ। যদিও এতিয়ালৈকে এই আদিম মানুহজন কেতিয়াও মানুহৰ সন্মুখলৈ অহা নাই।

পৃথিৱীৰ আচৰিত প্ৰাণীৰ ভিতৰত বিগফুটৰ নাম শীৰ্ষত আছে, যি আজিও ৰহস্যৰ আৱৰ্তত সোমাই আছে। বিগফুটৰ পৰিচয় পৃথিৱীত অন্য ঠাইভেদে বেলেগ বেলেগ। তিব্বত আৰু নেপালত ই 'য়েতি' নামেৰে জনাজাত, অষ্ট্ৰেলিয়াত ইয়াক 'যোগী' বুলি জনা যায়। ভাৰততো ইয়াক 'য়েতি' বুলিয়ে কোৱা হয়।

ইফালে, বিগফুটৰ ওপৰত গৱেষণা কৰি থকা ব্ৰিটিছ নাগৰিক লী ব্ৰিকলীয়ে দাবী কৰিছে যে তেওঁৰ ওচৰত বিগফুটৰ অৱস্থিতিৰ বিষয়ে প্ৰমাণ আছে আৰু এজন ৭ ফুটৰ আদিম মানুহে ষ্টাফৰ্ডশ্বিয়াৰৰ জংঘলত ঘূৰি ফুৰিছে। ৩৩ বছৰীয়া বিশেষজ্ঞ লী ব্ৰিকলীয়ে কয় যে, তেওঁ ৱেষ্ট মিডলেণ্ডৰ এক সুন্দৰ স্থানত ১৬ ইঞ্চিৰ এটা বিশাল পদচিহ্ন আৱিষ্কাৰ কৰিছিল, যি কেৱল বিগফুট বা আদিম মানুহৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। বিগফুটৰ ওপৰত গৱেষণা কৰা ব্যক্তিজনে ইয়েতি (আদিম) সম্পৰ্কে প্ৰমাণ সংগ্ৰহ কৰি এক দশকৰো অধিক সময় অতিবাহিত কৰিছিল আৰু দাবী কৰিছিল যে ইয়েতি ইংলেণ্ডত আছিল। ১৮০০ ৰ দশকত, কেনক চেজ এলেকাৰ চাৰিওফালে বিগফুটৰ অৱস্থিতি পোৱাৰ কেইবাটাও দাবী কৰা হৈছিল, যাক পিছত অস্বীকাৰ কৰা হৈছিল।

Cartoon
View Older

 

December 4, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account