গুৱাহাটী, ১৬ নৱেম্বৰঃ পৃথিৱীখন অগণন ৰহস্যৰে ভৰি আছে। ইয়াৰ বেছিভাগ ৰহস্য মানুহেই নহয়, আনকি বিজ্ঞানীসকলেও বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। ঠিক এনেকুৱা এখন ৰহস্যময় অৰণ্য জাপানত আছে, যাক আত্মঘাতি অৰণ্য বুলি কোৱা হয়। এই অৰণ্যৰ প্ৰকৃত নাম হৈছে 'অকিগাহাৰা ছুইচাইড ফৰেষ্ট'। লোকবিশ্বাস অনুসৰি এই অৰণ্যলৈ অহা মানুহে আত্মহত্যা কৰে বুলি জনা যায়। সেইবাবে, এই অৰণ্যখনক 'ছুইচাইড ফৰেষ্ট' বুলি কোৱা হয়।
এই সেউজীয়া আৰু ধুনীয়া দৃশ্যৰে ভৰি থকা অৰণ্যখন ভৌতিক কাহিনীৰ বাবে সমগ্ৰ পৃথিৱীতে জনাজাত। ইয়াক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আত্মহত্যা কৰা ঠাইৰ ভিতৰত দ্বিতীয় স্থানত ৰখা হৈছে (গোল্ডেন গেট এক নম্বৰত আছে)। টকিঅ'ৰ পৰা এই ৰহস্যময় অৰণ্যৰ দূৰত্ব দুই ঘণ্টাতকৈও কম। এই অৰণ্যৰ ৰহস্য ইমানেই ভয়াৱহ যে ইয়ালৈ অহা শতাধিক মানুহে আত্মহত্যা কৰিছে। এই অৰণ্যক ভূতীয়া জংঘল বুলি কোৱা হয়। জাপানৰ মানুহে বিশ্বাস কৰে যে এই অৰণ্যখনত অশৰীৰি আত্মাই বাস কৰে।যিয়ে মানুহক আত্মহত্যা কৰিবলৈ বাধ্য কৰায়।
এই অৰণ্যখন ফুজি পৰ্বতৰ উত্তৰ-পশ্চিমত অৱস্থিত। ই ৩৫ বৰ্গ কিলোমিটাৰ বৃহৎ এলেকাত বিয়পি আছে। এই অৰণ্যখন ইমান ঘন যে ইয়াক 'গছৰ সাগৰ' বুলি কোৱা হয়। যদি কোনোবা মানুহ এই ঘন অৰণ্যখনত এবাৰ হেৰাই যায়, তেন্তে ইয়াৰ পৰা ওলাই অহাটো প্ৰায় অসম্ভৱ। চৰকাৰী তথ্য অনুসৰি, ২০০৩ চনৰ পৰা এই অৰণ্যত ১০৫ জনৰো অধিক লোকৰ মৃতদেহ পোৱা গৈছে। ইয়াৰে বেছিভাগ মৃতদেহ গেলি-পচি গৈছিল, আনহাতে কিছুমান বনৰীয়া জন্তুৱে খাই পেলাইছিল।
কোৱা হয় যে এই ঘন অৰণ্যখনত যোৱা মানুহবোৰে ইমানে বেছি ভয় খায় যে তেওঁলোকে নিজৰ জীৱন ল'বলৈ বাধ্য হৈ পৰে। কম্পাচ বা ম'বাইলৰ দৰে সঁজুলিবোৰ এই অৰণ্যত কাম নকৰে। কম্পাছৰ কাঁটাই ইয়াত কেতিয়াও সঠিক পথ প্ৰদৰ্শন নকৰে। অৰণ্যৰ ওচৰত বাস কৰা লোকসকলে কয় যে তেওঁলোকে অৰণ্যৰ পৰা নিশা চিঞৰ-বাখৰ আৰু অদ্ভুত শব্দ শুনি আহিছে। এই অৰণ্যৰ বহুতো গছ তিনিশ বছৰতকৈও অধিক পুৰণি।
Comments