বিলাসীপাৰা, ১৬ নবেম্বৰ:-আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ আজি বিলাসীপাৰাতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ কনফাৰেঞ্চ হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানত সভাপতিত্ব কৰে মহকুমাধিপতি জয় শিৱাণীয়ে।
এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ থিম " Who is not afraid of media? (সংবাদ মাধ্যমক ভয় নকৰে কোনে?" শীৰ্ষক বিষয়ৰ ৰ ওপৰত অনুষ্ঠানত উপস্থিত বক্তা সকলে আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত থাকে মহকুমাধিপতি জয় শিৱাণী (AIS), চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বেইখ হেদাযেতুল্লাহ, শিক্ষাবিদ আলতাপ হুছেইন প্ৰমুখ্যে বিলাসীপাৰা মহকুমাৰ জেষ্ঠ, কনিষ্ঠ সাংবাদিক সকল।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত বিশিষ্ট সাহিত্যিক আলতাপ হুছেইনে সাংবাদিক সকলক সততা আৰু নিষ্ঠাৰে সংবাদ সেৱা আগৱঢ়াবলৈ আহ্বান জনায়। মহকুমাধিপতি জয় শিৱাণীয়ে সাংবাদিক সকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব দায়বদ্ধতাৰ সৈতে পালন কৰিবলৈ আহ্বান জনাই সকলো সাংবদিকক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
Comments