গুৱাহাটী,১৭ নৱেম্বৰ: মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড কে চাংমাই পশ্চিম খাচী পাহাৰৰ নংখনাম দ্বীপত পৰ্যটন উদ্যোগৰ আন্ত:গাথনি আৰু সুবিধাসমূহৰ বিকাশৰ বাবে ১৩ কোটি টকাৰ বিশেষ অনুদান প্ৰদান কৰে। অসমত মাজুলীৰ পিছত লংখনাম হৈছে এছিয়াৰ দ্বিতীয় বৃহত্তম নদী দ্বীপ। মেঘালয়ৰ মুখ্যমন্ত্রীয়ে জিলা প্ৰশাসনৰ বিষয়াসকল আৰু তেওঁৰ পৰিয়ালৰ সৈতে দ্বীপটো ভ্ৰমন কৰে। তদুপৰি উক্ত অঞ্চলত কৃষকসকলৰ সৈতে হোৱা বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে কৃষক কল্যাণ আঁচনিৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰা হৈছে। তেঁও লগতে কয় যে কৃষকসকলৰ অসুবিধা আৰু উদ্বেগৰ বিষয়ে জানিবলৈ চৰকাৰ আগ্ৰহী,তেঁওলোকক আটাইতকৈ বেছি লাভান্বিত কৰিব পৰা নীতি সোনকালেই বিকশিত কৰা হ'ব।
পশ্চিম খাচী পাহাৰ অঞ্চলত এইবছৰৰ মাৰ্চ মাহত কৃষক সকলক সন্মিলিত কৰি উৎপাদক গোট গঠন কৰা হৈছিল।প্ৰথমে মাওশ্বিনৰুট ব্লকত আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া আৰু জুলাইলৈকে মুঠ ১৮৩ টা গোট গঠন কৰা হৈছিল। মেঘালয়ৰ মুখ্যমন্ত্রী আৰু স্থানীয় বিধায়ক মেকমিলান বাইৰচাটে এই সকল গোটৰ সদস্যক চেক প্ৰদান কৰিছিল। এই কাৰ্যসূচীৰ জৰিয়তে ৩৬ টা প্ৰযোজক গোটক এতিয়ালৈকে মুঠ ২১,৯৫,০০০.০০ টকা প্ৰদান কৰা হৈছিল।
Comments