গুৱাহাটী,১৮ নৱেম্বৰ:পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্না আৰু তেওঁৰ ভগ্নী ফাতিমা জিন্নাৰ সম্পত্তি আৰু অন্যান্য সামগ্ৰী বিচাৰি উলিওৱাৰ বাবে পাকিস্তানৰ এখন আদালতে এক বিশেষ আয়োগ গঠন কৰিছে। সিন্ধ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, অৱসৰপ্ৰাপ্ত জাষ্টিচ ফাহিম আহমেদ চিদ্দিকীৰ অধ্যক্ষতাত এই আয়োগটো গঠন কৰা হৈছে।
পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ বেংক একাউণ্ট শ্বেয়াৰ,গহনা,ধনসহ সম্পত্তি সম্পৰ্কীয় ৫০ বছৰ পুৰণি গোচৰৰ শুনানিৰ সময়ত সিন্ধ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে। ১৯৪৮ চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তান প্ৰতিষ্ঠা হোৱাৰ এবছৰ পিছতেই জিন্নাৰ মৃত্যু হৈছিল।১৯৬৭ চনত কৰাচীত তেওঁৰ ভগ্নী ফাতিমাৰ মৃত্যু হয়।
ন্যায়াধীশ জুলফিকাৰ আহমেদ খানৰ নেতৃত্বত এখন বিচাৰপীঠে শুনানিৰ সময়ত জানিব পাৰিছিল যে জিন্না ভাই-ভনীসকলৰ সকলো মূল্যৱান সামগ্ৰী আৰু সম্পত্তি এতিয়াও উদ্ধাৰ কৰা হোৱা নাই, যিবোৰ স্পষ্টভাৱে সন্ধানহীন হৈ আছে।
Comments