গুৱাহাটী, ১৮ নৱেম্বৰঃ বলীউড অভিনেতা চেইফ আলী খান আৰু ৰাণী মুখাৰ্জীক চিনেমাত একেলগে কাম কৰা অতি কমকৈ দেখা গৈছে। অনুৰাগীসকলে যেতিয়াই চিনেমাৰ পৰ্দাত দুয়োৰে অভিনয় চাবলৈ পাইছিল, সকলোৱে তেওঁলোকৰ যুগলবন্দী চাই ভাল পাইছিল। ইয়াৰ লগতে দীৰ্ঘবিৰতিৰ অন্তত দুয়োকে আকৌ এবাৰ ৰূপালী পৰ্দাত দেখা গৈছে। দুয়োজনে 'বান্টি আৰু বাবলি ২' ছবিখনত একেলগে কাম কৰিছে।
'বান্টি আৰু বাবলি ২'ৰ প্ৰচাৰৰ সময়ত, দুয়োজনে 'হাম তুম' চিনেমাখনৰ দিনবোৰ মনত পেলাইছিল আৰু বৰ্ণনা কৰিছিল যে কেনেকৈ দুয়োজনে এটি চুম্বনৰ দৃশ্যত যথেষ্ট অস্বস্তি অনুভৱ কৰিছিল। চেইফ আলী খানে ইয়াৰ আঁৰৰ ৰহস্য প্ৰকাশ কৰি কৈছিল যে, "ৰাণীয়ে মোক চিনেমাৰ পৰিচালকক ক'বলৈ সৈমান কৰিছিল যে মই ৰাণীক চুম্বন কৰিব নিবিচাৰো।"
যশ ৰাজ চলচ্চিত্ৰৰ ইউটিউব চেনেলত মুকলি কৰা এটা ভিডিঅ'ৰ সময়ত ৰাণী মুখাৰ্জীয়ে চেইফ আলী খানক সুধিছিল, "আপোনাৰ মনত আছেনে! চুম্বন দৃশ্যটো কৰাৰ আগতে আমি কিমান ভয় খাইছিলো।" যাৰ উত্তৰত ছেইফ আলী খানে কৈছিল, "মোৰ মনত আছে, আপুনি চুম্বনৰ দৃশ্যগ্ৰহণৰ সময়ত কিমান ভয় খাইছিল।"
চেইফ আলী খানে লগতে কৈছিল যে, "যেতিয়া ৰাণীয়ে চিনেমাখনৰ পৰিচালকক চুম্বনৰ দৃশ্যগ্ৰহণটো কৰিবলৈ অস্বীকাৰ কৰিছিল তেতিয়া ৰাণীয়ে মোক কৈছিল যে মই এইটো কৰিব নোৱাৰো, কিন্তু পৰিচালকে মোক এইটো কৰিবলৈ কৈছে।" শেষত দুয়োজনে দৃশ্যটো কৰিছিল যদিও, চেইফ আলী খানে কৈছিল, "এইটো চিনেমাৰ ইতিহাসৰ আটাইতকৈ বেয়া চুম্বনৰ দৃশ্য আছিল। য'ত আমি দুয়ো বৰ অস্বস্তি অনুভৱ কৰিছিলো।"
Comments