গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৬ ডিচেম্বৰ ঃ অসমত ক্রিকেটৰ উন্নয়নৰ নামত কোটি কোটি টকাৰ লুণ্ঠনৰাজ চলোৱা অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদক প্রদীপ বুঢ়াগোহাঁইক গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ যোৱা নিশা টিংখাঙৰ নিজা বাসগৃহৰ পৰা মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদকজনক নিশাই গুৱাহাটীলৈ লৈ অনা হয়৷
মাত্র তিনি বছৰতে প্রায় ৫০ কোটি টকাৰ বিত্তীয় খেলিমেলি কৰি অসম ক্রিকেট সন্থাক একপ্রকাৰ লুটি-পুটি খোৱা প্রদীপ বুঢ়াগোহাঁয়ে ক্ষমতাত থকাৰ সময়ত পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছিল সন্থাৰ বেংক একাউণ্টটো৷ আনকি সন্থাৰ ধনেৰে পৰিয়ালক বিদেশ ভ্রমণ কৰোৱাৰ পৰা নিজৰ বাবে সন্মান ক্রয়ৰ দৰে কামো কৰাৰ অভিযোগো উঠিছে প্রদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে৷
যোৱা ৬ ডিচেম্বৰত বুঢ়াগোহাঁইৰ বিৰুদ্ধে অসম ক্রিকেট সন্থাৰ বর্তমানৰ কমিটীয়ে ফটাশিল থানাত দিয়া এজাহাৰৰ ভিত্তিত এ চি এৰ প্রাক্তন সম্পাদকগৰাকীক গ্রেপ্তাৰ কৰা হয়৷ প্রণিধানযোগ্য যে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ প্রায় তিনি বছৰ অসম ক্রিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত থকাৰ সময়তে বুঢ়াগোহাঁয়ে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত প্রায় ৫০ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ উঠিছে৷
লক্ষণীয় যে ২০১৯ চনত বর্তমানৰ সমিতিখনে কার্যভাৰ গ্রহণ কৰিছিল৷ পূর্বৰ সমিতিখনৰ বিত্তীয় অনিয়মৰ এটা অভিযোগ আগৰে পৰা চলি আছিল৷ কার্যভাৰ গ্রহণ কৰিয়েই নতুন সমিতিয়ে পুৰণি সমিতিয়ে তিনি বছৰত কৰা সন্থাৰ সকলো বিত্তীয় লেনদেনৰ পৰীক্ষা কৰিবৰ বাবে জামছেদ খানৰ নেতৃত্বত এখন সাতজনীয়া হিচাপ পৰীক্ষা সমিতি গঠন কৰি দিয়ে৷
এই সমিতিয়ে পূর্বৰ সমিতিৰ কার্যকালত ব্যাপক বিত্তীয় অনিয়ম হোৱাৰ কথা ধৰা পেলাই সকলো অনিয়মৰ কথা উল্লেখ কৰি চলিত বছৰৰ প্রথমভাগত এখন ২০ পৃষ্ঠাৰ প্রতিবেদন সন্থাৰ নতুন সমিতিক প্রদান কৰে৷ কেইমাহমান পূর্বে ডিব্রুগড়ত অনুষ্ঠিত অসম ক্রিকেট সন্থাৰ এখন গুৰুত্বপূর্ণ বৈঠকত বুঢ়াগোহাঁইক আত্মসাৎ কৰা সকলো ধন সন্থাক ঘূৰাই দিবৰ বাবে নির্দেশ দিছিল৷ কিন্তু বুঢ়াগোহাঁয়ে সেই নির্দেশআওকাণ কৰাৰ বাবে বর্তমানৰ সমিতিয়ে আইনৰ সহায় লয়৷
তদন্তৰ সময়ত পূর্বৰ সম্পাদক প্রদীপ বুঢ়াগোহঁায়ে সন্থাৰ বেংক একাউণ্টটো নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহে৷ অসমত ক্রিকেট আৰু উদীয়মান ক্রিকেটাৰৰ উন্নয়নৰ বাবে বি চি চি আইকে ধৰি বিভিন্ন উৎসৰ পৰা অহা কোটি কোটি টকা তেওঁ খেলুৱৈৰ বাবে জার্ছী ক্রয়, অনুশীলনৰ বাবে বল ক্রয়, ষ্টেডিয়ামৰ অনুশীলন গ্রাউণ্ডত মাটি ভৰোৱা, পিট৲চ নির্মাণ কৰা আদি কামৰ নামত সীমাহীনভাৱে লুণ্ঠন কৰাৰ তথ্য পোহৰলৈ আহে৷
বুঢ়াগোহাঁয়ে ষ্টেডিয়ামৰ মেৰামতি, ষ্টেডিয়ামৰ আসনত ৰং কৰা, বিভিন্ন নির্মাণ কার্য কৰা আদিৰ নামতো ধন লুণ্ঠন কৰিছিল৷ তেওঁ সন্থাৰ সর্বাধিক ধন বিমানৰ টিকট ক্রয় কৰাৰ নামত অপব্যৱহাৰ কৰাৰ তথ্যও পোহৰলৈ আহে৷ আনকি নিজৰ পৰিয়ালৰ বিদেশ ভ্রমণৰ পৰা নিজে লাভ কৰা বঁটাৰ বাবে অহা শিল্পীক অনা-নিয়া কৰাৰ বাবেও সন্থাৰ ধনেৰে বিমান টিকট ক্রয় কৰাৰ তথ্য পোহৰলৈ আহিছে৷ তেওঁৰ পুত্র আৰু পৰিয়ালৰ সদস্যই সন্থাৰ ধনেৰে নিয়মীয়াকৈ বহিঃৰাজ্য ভ্রমণ কৰাৰ পৰা হোটেলৰ ব্যয় বহন কৰাৰ তথ্যও পোহৰলৈ আহিছে৷
বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম নির্মাণৰ নামতো বুজন পৰিমাণৰ ধন আত্মসাৎ কৰিছিল প্রদীপ বুঢ়াগোহাঁয়ে৷ তেওঁ নিবিদা অবিহনেই বিভিন্ন ঠিকা নিজৰ ঘনিষ্ঠ ঠিকাদাৰ আৰু পৰিয়ালৰ সদস্যক প্রদান কৰাৰ অভিযোগ উঠিছে৷ সন্থাৰ বৃহৎ পৰিমাণৰ ধন তেওঁ অনুমতিবিহীনভাৱে ব্যয় কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ আনহাতে প্রদীপ বুঢ়াগোহঁায়ে প্রকৃততে কিমান ধন আত্মসাৎ কৰিলে, তাৰ সঠিক হিচাপ এতিয়াও নিশ্চিত হোৱা নাই৷
আৰক্ষীয়ে সকলো তথ্য সংগ্রহ কৰাৰ বাবে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে৷ আনহাতে টিংখাঙৰ পৰা ফটাশিল আমবাৰী আৰক্ষী থানালৈ লৈ অনা প্রাক্তন সম্পাদক বুঢ়াগোহঁাইক তেওঁ কৰা অনিয়ম সন্দর্ভত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ইফালে বুঢ়াগোহাঁইৰ সৈতে এই কেলেংকাৰিত অসম ক্রিকেট সন্থাৰ অন্য বহু বিষয়া জড়িত থকাৰ সন্দেহো কৰা হৈছে৷
Comments