গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৬ ডিচেম্বৰ ঃ জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকন আৰু অসম সৌৰভ সন্মানেৰে সন্মানিত বিশিষ্ট শিক্ষাবিদ ড০ কমলেন্দু দেৱ ক্রৰীক আজি সৌজন্যসূচক সাক্ষাৎ কৰি দুয়োকে বঁটাৰ বাবে শুভেচছা জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি লক্ষ্নৌৰ পৰা ঘূৰি আহি গুৱাহাটী পোৱাৰ পাছতে বাহিৰে বাহিৰে জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ বাসগৃহত উপস্থিত হয়গৈ মুখ্যমন্ত্রী ড০ শর্মা৷
অসমলৈ দেশৰ সাহিত্য ক্ষেত্রখনৰ সবোর্চচ সন্মান জ্ঞানপীঠ বঁটা অনাৰ বাবে তেওঁ কবিজনক শুভেচছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ স্বাস্থ্যৰ বুজ লয়৷ কাব্যঋষি ফুকনৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰা মুখ্যমন্ত্রীজনে কয় যে কবি ফুকনে অসমৰ বাবে এক বিৰল সন্মান কঢ়িয়াই আনি সমগ্র ৰাজ্যবাসীকে গৌৰৱান্বিত কৰিছে৷ বিশিষ্ট কবি-সাহিত্যিকজনৰ আদর্শ আৰু তেওঁৰ বৌদ্ধিক চিন্তাৰে অসমৰ আকাশখন উজলি থকাৰ আশাও প্রকাশ কৰে৷
কাব্যঋষিজনে তেওঁক কিতাপ উপহাৰ দিয়াৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্রীজনে সংবাদ মাধ্যমৰ আগত এই সাক্ষাৎ সন্দর্ভত কয় যে কাব্যঋষিজনে তেওঁক মা কামাখ্যা, নেঘেৰিটিং দৌল সন্দর্ভতো বিভিন্ন কথা কোৱা বুলি কয়৷ এই বঁটা লাভ কৰি তেওঁ যথেষ্ট আনন্দ পোৱা বুলি সদৰী কৰে৷ আনহাতে তেওঁৰ শৰীৰ সম্প্রতি যথেষ্ট সুস্থ হৈ থকা বুলিও কয়৷
এই সাক্ষাতৰ সময়ত মুখ্যতঃ তেওঁলোকে ব্যক্তিগত কথা-বতৰাই পতা বুলি সদৰী কৰি মুখ্যমন্ত্রীজনে কয় যে এই সময়ত বহু গভীৰ বিষয়ত কথা পতাৰ সলনি ব্যক্তিগত আৰু তেওঁৰ চিকিৎসা সম্পর্কীয় কথাই গুৰুত্ব লাভ কৰা বুলি কয়৷ এই সাক্ষাতৰ পাছত কবি নীলমণি ফুকনে সংবাদ মাধ্যমৰ সন্মুখত কয় যে ভাষাটো যিকোনো প্রকাৰে জীয়াই ৰাখিব লাগিব৷ সকলোৱে সবোর্চচ ত্যাগ কৰি অসমীয়া ভাষা জীয়াই ৰাখিব লাগিব বুলি সদৰী কৰি ভাষাটো নাথাকিলে মানুহো নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে বুলি তেওঁ প্রকাশ কৰে৷
আনহাতে মুখ্যমন্ত্রীজনে আজি বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্রাক্তন অধ্যক্ষ ড০ কমলেন্দু দেৱ ক্রৰীৰ বাসগৃহতো উপস্থিত হৈ তেওঁক শুভেচছা জ্ঞাপন কৰে৷ অসম সৌৰভ বঁটাৰ বাবে মনোনীত হোৱা ড০ ক্রৰীক শুভেচছা জ্ঞাপন কৰাৰ উপৰি তেওঁৰ স্বাস্থ্যৰ খবৰ লয়৷ লক্ষণীয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা বিশিষ্ট শিক্ষাবিদজনৰ প্রিয় ছাত্র আছিল৷
প্রিয় ছাত্রৰ উন্নতি দেখা পাই আনন্দিত হৈ পৰা বিশিষ্ট শিক্ষাবিদজনে মুখ্যমন্ত্রীজনক স্বাস্থ্যৰ যতন ল’বলৈ কয়৷ প্রিয় ছাত্রজনক মুখ্যমন্ত্রী হিচাপে পাই তেওঁ গৌৰৱ অনুভৱ কৰা বুলিও কয়৷ লগতে মুখ্যমন্ত্রী হিচাপে ড০ শর্মাক অসমৰ বিত্ত, উদ্যোগ, বাণিজ্য আৰু কৃষি খণ্ডৰ উন্নয়নত গুৰুত্ব প্রদান কৰিবলৈ পৰামর্শ প্রদান কৰে৷
Comments