Classifieds
View All
গুৱাহাটী, ১৬ ডিচেম্বৰ: জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা দেশৰ ভূতপূৰ্ব বিত্তমন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য পি চিদাম্বৰমে আজি উত্তৰ-পূব অঞ্চলৰ সকলো অবিজেপি দলকে একগোট হ'বলৈ আহ্বান জনাই সকলো দলকে নিজৰ নীতি-আৰ্দশৰ প্ৰতি অনুগত হৈ থাকি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱৰ্তীণ হ'বলৈ উপদেশ দিয়ে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা ৰাজ্যিক পৰ্য্যায়ৰ এক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ অহা কংগ্ৰেছ নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে বিজেপিৰ বিৰুদ্ধে যুজ খনত সকলো অবিজেপি দল একেলগ ন'হলে জনসাধাৰণৰ বিশ্বাস জিকাটো অসম্ভৱ।
তেওঁ কয়যে উত্তৰ-পূৱৰ দ'ল সমূহৰ মূল সমস্যা হৈছে এই দ'ল সমূহ নিজৰ আৰ্দশত অটল হৈ নাথাকে I
Comments