গুৱাহাটী,১৭ ডিচেম্বৰ:সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা নিৰ্মিত ছবি “গংগুবাই কাঠিয়াৱাড়ী” ৰ ৭২ তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ কৰা হ’ব । চলচ্চিত্ৰখন আগন্তুক ২০২২ বৰ্ষত ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব। “গংগুবাই কাঠিয়াৱাড়ী” ছবিখনৰ মুখ্য চৰিত্ৰত আলিয়া ভাটে অভিনয় কৰিছে আৰু ছবিখনত অজয় দেৱগণক এটা কেমিঅ’ চৰিত্ৰত দেখিবলৈ পাব দৰ্শকে । “গংগুবাই কাঠিয়াৱাড়ী” ছবিখন উক্ত ছবি সমাৰোহত বিশেষ (বাৰ্লিন বিশেষ) প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হ’ব।
“গংগুবাই কাঠিয়াৱাড়ী” সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা নিৰ্মিত দশম খন চলচ্চিত্ৰ। পৰিচালক গৰাকীয়ে কেৰিয়াৰৰ ২৫ টা বছৰ ইতিমধ্যে এই ইণ্ডাষ্ট্ৰীটোৰ সৈতে পাৰ কৰিছে। চলচ্চিত্ৰখনৰ বিষয়ে সোধাত ভাঞ্চালীয়ে কয় যে, “গংগুবাই কাঠিয়াৱাড়ীৰ কাহিনী মোৰ হৃদয়ৰ একেবাৰে আপোন আৰু আমাৰ দলে এই সপোন পূৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ছবিখন সন্মানীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱাটো সঁচাকৈ খুব গৌৰৱৰ বিষয়।”
Comments