গুৱাহাটী,১৭ ডিচেম্বৰঃ ক'ভিড পৰিস্থিতিৰ বাবে দেশত বন্ধ হ’ব লগীয়া হৈছে ৯ শতাংশ ক্ষুদ্র-মজলীয়া উদ্যোগ। অৰ্থাৎ সংখ্যাৰ হিচাবত চাবলৈ হ’লে ইয়াৰ পৰিমাণ হৈছে প্রায় ৫৭ লাখ। বৃহস্পতিবাৰে সংসদত সাংসদ ৰাহুল গান্ধী আৰু অভিষেক বেনাৰ্জীৰ লিখিত প্রশ্নৰ উত্তৰত এই কথা স্বীকাৰ কৰে কেন্দ্রীয় এমএছএমই উদ্যোগ মন্ত্রালয়ে। আনহাতে, ২০১৯ চনৰ তুলনাত ২০২০ চনত ব্যৱসায়ীৰ আত্মহত্যাৰ সংখ্যাও বৃদ্ধি পোৱা বুলি সংসদত জনোৱা হৈছে। কিন্তু তেওঁলোকৰ ভিতৰত কিমানজন এমএছএমই খণ্ডৰ সেই তথ্য চৰকাৰৰ হাতত নাই।
ৰাহুল গান্ধীৰ প্রশ্নৰ লিখিত উত্তৰত এমএছএমই উদ্যোগমন্ত্রী নাৰায়ণ ৰাণেই জনায় যে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য অনুযায়ী, ২০১৯ চনত ৯,০৫২ জন ব্যৱসায়ীয়ে আত্মহত্যা কৰাৰ বিপৰীতে ২০২০ চনত ১১,৭১৬জনে আত্মহত্যা কৰে। আনহাতে, এমএছএমই ব্যৱসায়ীসকলৰ আত্মহত্যাৰ হিচাব উক্ত মন্ত্রালয়ে নাৰাখে বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।
Comments