গুৱাহাটী, ১৫ ডিচেম্বৰঃ শেহতীয়াকৈ, ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালে টুইটাৰৰ মূল পদ লাভ কৰিছে, যাৰ পিছত সমগ্ৰ বিশ্বতে ভাৰতৰ মৰ্যাদা আৰু অধিক বৃদ্ধি পাইছে। তাৰ পিছত শেহতীয়াকৈ ভাৰতীয় বংশোদ্ভূত লীনা নায়াৰক মঙলবাৰে ফৰাচী বিলাসী গোট শেনেলৰ দ্বাৰা ইয়াৰ নতুন গ্লোবেল চিফ এক্সিকিউটিভ হিচাপে নিযুক্তি দিয়া হৈছে।তেওঁ বৰ্তমান ইউনিলিভাৰৰ মুখ্য মানৱ সম্পদ বিষয়া। শেনেলে কৈছে যে লীনা নায়াৰে জানুৱাৰীৰ পৰা এই পদত যোগদান কৰিব।
ভাৰতীয় বংশোদ্ভূত লীনা নায়াৰৰ গ্লোবেল কনজিউমাৰ গুডছ কোম্পানীত প্ৰায় ৩০ বছৰ ধৰি কৰ্মৰত হৈ আছে।লীনা নায়াৰে ঝাৰখণ্ডৰ জামছেদপুৰৰ জেভিয়াৰস্কুল অৱ মেনেজমেণ্টত অধ্যয়ন কৰিছিল আৰু তাৰ পৰা সোণৰ পদক লাভ কৰিছিল। তেওঁক কেইবাটাও কোম্পানীত এইচআৰ পদত অধিষ্ঠিত হৈছিল। তাৰে এটা আছিল 'কেৰিয়াৰ বাই চইচ'। যিয়ে মহিলাসকলক তেওঁলোকক নিজৰ কেৰিয়াৰ নিৰ্বাচনত সহায় কৰে।
Comments