তিনিচুকীয়া, ১৫ ডিচেম্বৰঃ ‘কা' বাতিলৰ দাবীত পুনৰ আন্দোলন-প্ৰতিবাদ গা কৰি উঠিছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সোনমনি চলিহা, সাধাৰণ সম্পাদক কাঞ্চন বৰাই উপস্থিত থাকি নাগৰিকত্ব সংশোধনী আইন খন কেতিয়াও মনা নাই আৰু নামানো বুলি স্পষ্ট কৰি দিয়ে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে জুৰজুলুম কৰি জাপি দি চৰম স্বেচ্ছাচাৰীৰ পৰিচয় দিয়া বুলি উল্লেখ কৰে।
"অসমীয়া ভাষা সংস্কৃতিৰ নিঃশেষ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী আইন অসমৰ ৰাইজে নিবিচাৰে। আইনৰ জৰিয়তে বিদেশীক স্ংস্থাপন দি অসমতে অসমীয়া লোকসকলক সংখ্যালঘু কৰিব বিচাৰিছে। আমি কোনো কাৰণত এই আইন নামানো।আমি যুঁজিম আৰু আমি জিকিম" বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদৰি কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তৰ যোগেদি ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Comments