গুৱাহাটী, ১৬ ডিচেম্বৰঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে, মোদীৰ কেৱল নিৰ্বাচনৰ সময়ত ভোট পাবলৈ গংগা নদীৰ কথা মনত পৰে। বাৰাণসীত কাশী বিশ্বনাথ ধাম উদ্বোধন কৰাৰ আগতে মোদীয়ে পবিত্ৰ নদীত ডুব মাৰি স্নান কৰাৰ এদিন পিছতে বেনাৰ্জীয়ে এই কথা কৈছিল।
মমতাই কৈছিল যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ভোট পাবলৈ গংগাত ডুব মাৰি স্নান কৰাৰ লগতে পূজা আগবঢ়াইছিল।" দুদিনীয়া গোৱা ভ্ৰমণৰ অন্তিম দিনা উত্তৰ গোৱাৰ আছনোৰা গাঁৱত এখন ৰাজহুৱা সভাত ভাষণ দি তৃণমূল কংগ্ৰেছৰ (টিএমচি) সৰ্বোচ্চ নেতাগৰাকীয়ে কয় যে, "প্ৰধানমন্ত্ৰীয়ে ভোট পাবলৈ যিকোনো কাম কৰিব পাৰে।" মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীৰ উত্তৰাখণ্ড ভ্ৰমণৰ কথাও উল্লেখ কৰে।
আন এক বিষয়ত মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কয় যে, "কুম্ভ মেলাৰ দৰে প্ৰায় ২৩ লাখ লোক পশ্চিম বংগৰ গংগাসাগৰলৈ মেলাত অংশগ্ৰহণ কৰিবলৈ আহে। তেনে ক্ষেত্রত আমি কিন্তু কেৱল নিৰ্বাচনৰ সময়ত গংগা নদীৰ উপাসনা নকৰোঁ।"
Comments