গুৱাহাটী, ২০ ডিচেম্বৰঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট তেওঁৰ বক্তব্যৰ বাবে প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। কিন্তু এইবাৰ কংগনাই আন এক কাৰণত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। খবৰ অনুসৰি এজন অভিনেতা কংগনা ৰাণাৱটৰ প্ৰতি ইমানেই বেছি আকৰ্ষিত হৈ পৰিছে যে তেওঁ আনকি নিজৰ পত্নীক বিবাহ বিচ্ছেদ দিবলৈ সাজু হৈছে। এই বাতৰিটোৱে সংবাদ মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছে আৰু সকলোৱে এই অভিনেতাজনৰ নাম শুনিলে আচৰিত হৈ পৰিব।
এক সাক্ষাৎকাৰত আৰবাজ খানে বলীউড অভিনেতা অনিল কাপুৰক সুধিছিল যে, তেওঁৰ যৌৱনৰ ৰহস্য কি? তেতিয়া অভিনেতাজনে উত্তৰত কৈছিল, "মই ভাবো ঈশ্বৰে আমাক দিয়া জীৱনটো উপভোগ কৰা উচিত। ঈশ্বৰৰ দয়া হৈছে বাবে তেওঁৰ আশীৰ্ব্বাদৰ মাজেৰে জীৱনটো সঠিকভাৱে চলি গৈ আছে।" ইপিনে, অনিল কাপুৰ চিনেমা উদ্যোগটোত অভিনেত্ৰী কংগনা ৰানাৱাটৰ বাবে তেওঁৰ জীৱনৰ সকলো উচ্ছৰ্গা কৰিবলৈ সাজু।
তেওঁৰ কংগনাৰ প্ৰতি এনেকুৱা আসক্তি আছে যে তেওঁ আনকি পত্নীক কংগনাৰ বাবে বিবাহ বিচ্ছেদ দিব পাৰে। এই মন্তব্য অনিল কাপুৰে কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণত প্ৰকাশ কৰিছিল। যেতিয়া কৰণে অনিলক এগৰাকী মহিলাৰ নাম ল'বলৈ কৈছিল যাৰ বাবে তেওঁ তেওঁৰ পত্নীক এৰি যাব পাৰে। অনিলে ধেমেলীয়াকৈ কংগনালৈ আঙুলিয়াই দিছিল আৰু তেওঁৰ নাম লৈছিল।
Comments