গুৱাহাটী,১৯ ডিচেম্বৰ:বলীউডৰ লগতে হলীউডতো এক প্ৰভাৱশালী নাম প্ৰিয়ংকা চোপ্ৰা । নিজৰ অভিনয়ৰ জড়িয়তে লক্ষ লক্ষ অনুৰাগীৰ হৃদয় জিনিছে প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে। শেহতীয়াকৈ এক সংবাদমাধ্যমে প্ৰিয়ংকা চোপ্ৰাক দিয়া পৰিচয়ে বিক্ষুব্ধ কৰিছে অভিনেত্ৰীগৰাকীক।
ইনষ্টাগ্ৰামত ৭১.৬ মিলিয়ন ফল’ৱাৰ থকা অভিনেত্ৰীগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল আমেৰিকান গায়ক-অভিনেতা নিক জ’নাছৰ সৈতে। এক সংবাদ মাধ্যমে প্ৰিয়ংকাক “নিক জ’নাছৰ পত্নী…” বুলি পৰিচয় দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়াও ব্যক্ত কৰে প্ৰিয়ংকাই। নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বাতৰিটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে নিজৰ এক সুকীয়া পৰিচিতি থকাৰ পাছতো এনেদৰে পৰিচয় দিয়াত স্বাভাৱিকতে ক্ষুণ্ণ হয় অভিনেত্ৰীগৰাকী। ষ্ট’ৰীটোত তেওঁ লিখে যে, “এইটো অতি আমোদজনক যে মই এটা অন্যতম প্ৰসিদ্ধ আইকনিক ফিল্ম ফ্ৰেন্সাইজিক প্ৰমোট কৰি আছো আৰু মোক ‘নিক জ’নাছৰ পত্নী’ বুলি সম্বোধন কৰা হৈছে।” লগতে প্ৰিয়ংকাই প্ৰশ্ন কৰে, “এতিয়াও মহিলাৰ লগত এনেকুৱা কেনেকৈ হ’ব পাৰে অনুগ্ৰহ কৰি জনাব নেকি? মই মোৰ বায়’ত নিজৰ আইএমডিবি লিংক সংলগ্ন কৰিব লাগিব নেকি?”
Comments