Classifieds
View All
গুৱাহাটী, ২০ ডিচেম্বৰঃ নতুন ক'ৰনা ভাইৰাছ প্ৰকাৰ অ'মিক্ৰনত ব্ৰিটেইনত ১০,০০০ ৰো অধিক লোক আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে। যি হৈছে দৈনিক আক্রান্ত হোৱাৰ সৰ্বাধিক সংখ্যা। বিগত ২৪ ঘণ্টাত ব্ৰিটেইনত ক'ৰনাৰ দ্বাৰা ৯০,০০০ ৰো অধিক লোক আক্রান্ত হৈছে।
ব্ৰিটিছ স্বাস্থ্য সুৰক্ষা সংস্থাই (ইউকেএইচএছএ) শনিবাৰে অ'মিক্ৰনত ১০,০৫৯ জন লোক আক্রান্ত হোৱাৰ প্ৰতিবেদন দিছে, যি শুক্ৰবাৰে এই প্ৰকাৰত ৩,২০১ জন লোক আক্রান্ত হোৱাৰ তিনিগুণতকৈও অধিক। ইয়াৰ সৈতে, এতিয়ালৈকে ব্ৰিটেইনত মুঠ ২৪,৯৬৮ জন অ'মিক্ৰন আক্রান্ত লোক ধৰা পৰিছে।
ইপিনে, বিগত ২৪ ঘণ্টাত ব্ৰিটেইনত মুঠ ৯০,৪১৮ জন লোক ক'ৰনা ভাইৰাছত আক্রান্ত হৈছিল, ইয়াৰে ১২৫ জন ৰোগী মৃত্যু হৈছে। ইফালে, দেশখনত অ'মিক্ৰনত আক্রান্ত হৈ ৭ জন ৰোগীৰ মৃত্যু হৈছে।
Comments